অসমীয়াঅসম

পোহৰৰ দিশে এখোজ! নিকুৱে পিন্ধিলে ইউনিফৰ্ম, মানুহে ক’লে- যা বৰ মানুহ হগৈ…

নিউজ ডেস্কঃ শিলসাঁকোৰ সেই উচ্চেদিত ল’ৰাটোৰ মৰমলগা মুখখনৰ মায়াসনা হাঁহিটো আকৌ যেন ঘূৰি আহিছে।

নতুন ঠিকনা লাভৰ পিছত নতুন নতুন গোন্ধোৱা ইউনিফৰ্মযোৰেৰে সাজি পাৰি প্ৰথমবাৰলৈ স্কুললৈ গৈছে সি।

সামাজিক মাধ্যমত তাৰ স্কুললৈ যোৱাৰ ফটো ভাইৰেল হৈ পৰাৰ পিছতে সকলোৱে হিয়া উজাৰি আশীষ দিছে- যা সোণ, ভালকৈ পঢ়িবি, বৰ মানুহ হবি…।

তাৰ নাম নিকু কলিতা।

শিলসাঁকোত তাৰ এখন নিজা ঘৰ নাছিল যদিও বহুতৰ দৰে সিও গৃহহাৰা হৈছিল।

দুই হাতত দুটা বাস্কেট কঢ়িয়াই কান্ধেৰে সুলকি পৰিব খোজা চলাটোৰ ভিতৰত দেহটো সামৰি সি কেঁকো জেঁকোকৈ আহি এজন আৰক্ষীৰ ওচৰ পাইছিল।

দূৰৈৰ পৰাই সি সম্বোধন কৰিছিল অ’ আংকল…।

‘এতিয়াতে আহিব নিদিবা দে, আমাৰ বস্তু উলিওৱা হোৱা নাই। ১০ মিনিটমান লাগিব…।’ – এইখিনি কৈয়েই আকৌ কেঁকোজেঁকোকৈ গুচি গৈছিল ল’ৰাটো।

niku school
পোহৰৰ দিশে এখোজ! নিকুৱে পিন্ধিলে ইউনিফৰ্ম, মানুহে ক’লে- যা বৰ মানুহ হগৈ… 3

কোনোবাই কেমেৰাত বন্দী কৰা তাৰ সেই দৃশ্যই পিছত হৃদয় চুইছিল অনেকৰ। অনেক জন আগবাঢ়ি আহিছিল তাৰ সহায়ৰ বাবে।

সামাজিক মাধ্যমতে কোনোবাই যদি তাক থাকিবলৈ মাটি আধা কঠা দিয়াৰ কথা কৈছিল, আন কোনোৱে আকৌ ল’ব বিচাৰিছিল তাৰ পঢ়াৰ দায়িত্ব।

অৱশ্যেই সি কাহানিও স্কুললৈ যোৱাই নাছিল!

জন্মৰ প্ৰমাণপত্ৰখন নোহোৱাৰ বাবেই স্কুলত নামভৰ্তি হোৱা নাছিল নিকুৰ। পিছত এই কথা কৈছিল মাকে।

অলেখজনৰ আশীৰ্বাদ আৰু সমবেদনাৰ মাজতে তাৰ কাষত ঠিয় দিছিল USTMৰ অধ্যক্ষ মহবুবুল হক।

নিকু আৰু তাৰ পৰিয়ালক থাকিবলৈ এখন ঘৰ আৰু নিকু আৰু ভাতৃৰ পঢ়া-শুনাৰ দায়িত্ব গ্ৰহণ কৰিছিল তেওঁ।

তাৰ পিছতে নতুন ঠিকনাৰ বাসিন্দা হোৱা নিকুৱে লাভ কৰিলে এটা নতুন পৰিচয়।

এতিয়া নিকু কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ।

আজি সি বিদ্যালয়ৰ ইউনিফৰ্ম পৰিধান কৰি ভাতৃৰ সৈতে প্ৰথমবাৰৰ বাবে খোজ দিলে বিদ্যালয়ত।

পোহৰৰ বাটত এয়া তাৰ প্ৰথম খোজ।

অৱশ্যেই আৰু বহুদূৰ সি যাবলৈ বাকী। বহু ঘাত-প্ৰতিঘাত সি পাৰ কৰিবলৈ এতিয়াও বাকী।

তাৰ সৰল মনটোৰ সৰলতাখিনি সদায় একেদৰে ৰাখি সি পোহৰৰ বাটেৰে গৈ জীৱন যোদ্ধা হওক, তাকেই কামনা কৰিছে সকলোৱে।