ৰাষ্ট্ৰীয়অসমীয়া

পেট্ৰ’ল নহয় পানীহে মহঙা! আজব যুক্তি দৰ্শাই মূল্যবৃদ্ধিক সমৰ্থন পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

নিউজ ডেস্ক। দেশৰ অধিকাংশ ৰাজ্যতে চেঞ্চুৰি কােবাইছে পেট্ৰ’লৰ দামে।

পেট্ৰ’লৰ লগতে বৃদ্ধি পাইছে ডিজেল তথা ৰন্ধন গেছৰ মূল্যও।

এনে মূল্যবৃদ্ধিয়ে দেশৰ জনসাধাৰণক জ্বলা-ক’লা খুওৱাৰ সময়তে এক আজব যুক্তিৰে এই মূল্যবৃদ্ধিক যুক্তিসংগত আখ্যা দিছে অসমৰ সাংসদ তথা কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।

সাংবাদিকৰ সৈতে হােৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে মূল্যবৃদ্ধিৰ সপক্ষে যুক্তি দৰ্শাই কয়, ”ভেকচিনৰ পইচা কৰ পৰা আহিব? আপােনালােকে দিয়া নাই ভেকচিনৰ পইচা। নিশ্চকৈ এই ভেকচিনৰ পইচা তেনে ধৰণে অহা।”

তেঁও আৰু যুক্তি দৰ্শাই কয়, ”পানীৰ দামহে বেছি তেলতকৈ, যদি আপুনি হিমালয়ৰ কােম্পানীৰ পানী খায় এবটল, তাৰ দাম এশ টকা। অৰ্থাৎ পানীৰ দামহে বেছি।”

উল্লেখ্য যে ইয়াৰ পূৰ্বতেও শাসকীয় দলৰ বিভিন্ন সাংসদ তথা নেতা-কৰ্মীৰ পেট্ৰ’লৰ মূল্যবৃদ্ধিক লৈ আজব যুক্তি দৰ্শাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *