ৰাষ্ট্ৰীয়

পেট্ৰ’ল-ডিজেলৰ নতুন নিৰিখ জাৰি, গুৱাহাটীত কিমান জানি লওক…

পেট্ৰ’ল-ডিজেলৰ নতুন নিৰিখ জাৰি।

চৰকাৰী তেল কোম্পানীসমূহে সোমবাৰে পেট্ৰ’ল-ডিজেলৰ নতুন নিৰিখ জাৰি কৰে।

সেই অনুসৰি, দিল্লীত পেট্ৰ’লৰ দাম ১০৭.৫৯ টকা হোৱাৰ বিপৰীতে ডিজেলত ৯৬.৩২ টকা হৈছেগৈ।

মুম্বাইৰ পেট্ৰ’লৰ দাম ১১৩.৪৬ টকা আৰু ডিজেলৰ দাম ১০৪.৩৮ টকা হৈছে।

কলকাতাত পেট্ৰ’লৰ দাম ১০৮.১১ টকা হোৱাৰ বিপৰীতে ডিজেলৰ দাম হৈছে ৯৯.৪৩ টকা।

চেন্নাইত পেট্ৰ’ল প্ৰতিলিটাৰত ১০৪.৫২ টকা আৰু ডিজেল ১০০.৫৯ টকা।

আনহাতে গুৱাহাটীত আজি পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ১০৪.০৪ টকা হোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলত দাম হৈছে ৯৬.৫৫ টকা।

উল্লেখ্য যে, পেট্ৰ’ল-ডিজেলৰ বৰ্দ্ধিত দামে প্ৰভাৱ পেলাইছে সৰ্বসাধাৰণৰ ওপৰত। কেইবাখনো চহৰত পেট্ৰ’ল ১২০ টকা প্ৰলিটাৰ হৈছেগৈ। 

অক্টোবৰ মাহত এতিয়ালৈ ২০ বাৰতকৈ অধিকবাৰ বৃদ্ধি পাইছে ইন্ধনৰ দাম। 

কেৱল অক্টোবৰ মাহতে পেট্ৰ’লত ৫.১৫ টকা বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলতো বৃদ্ধি পাইছে ৫ টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *