পৃথক বৰাক উপত্যকাৰ দাবীত আন্দোলনৰ হুংকাৰ বিতৰ্কিত প্ৰদীপ দত্ত ৰয়ৰ, ‘কা’ আন্দোলন কৰা আছুক দিলে এই সকিয়নী…

নিউজ ডেস্কঃ ‘কা’ আন্দোলনৰ নামত বঙালি খেদিবলৈ ল’লে তিনি টুকুৰাত বিভক্ত হ’ব অসম। – আছুক এই সকিয়নী বিতৰ্কিত বঙালি নেতা প্ৰদীপ দত্ত ৰয়ৰ।

আছুসহ দল-সংগঠনে ৰাজ্যত পুনৰ আৰম্ভ কৰা ‘কা’ বিৰোধী আন্দোলন অসমৰ বাবে এক অশনি সংকেট বুলি মন্তব্য কৰি বিতৰ্কিত প্ৰদীপ দত্ত ৰয়ে কয় যে এই আন্দোলনৰ জৰিয়তে আছুৱে ১৯৮০ দৰে বঙালী খেদাৰ ষড়যন্ত্ৰ কৰিছে।

অসম আন্দোলনৰ কথা স্মৰণ কৰি প্ৰদীপ দত্ত ৰয়ে কয় যে সেই সময়ত বৰাক উপত্যকাৰ যুৱকসকলকে ডিব্ৰুগড়, গুৱাহাটী বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিব পৰা নাছিল। সেই একেই পৰিস্থিতি পুনৰ অসমত উদ্ভৱ কৰিব বিচাৰিছে আছুৱে।

আছুৱে যদি অসমত পুনৰ কা বিৰোধী আন্দোলন গঢ়ি তোলে তেন্তে পৃথক বড়োলেণ্ড, পৃথক কাৰ্বিআংলঙৰ দৰে পৃথক বৰাক উপত্যকাৰ দাবীত আন্দোলন কৰাৰো হুংকাৰ দিয়ে বিতৰ্কিত বঙালি নেতাজনে।

তেওঁ কয়, ‘আমি অসমৰ সৈতে থাকিব বিচাৰো। কিন্তু যদি আমাক খেদি পঠিয়াব বিচৰা হয়, তেন্তে আমি ক’লৈ যাম?’ অসমত থকা হিন্দু-মুছলমান শৰণাৰ্থীসকল ভাৰত বিভক্ত হোৱাৰ পূৰ্বেই অহা বুলি মন্তব্য কৰি তেওঁলোকক খিলঞ্জীয়া বুলি অভিহিত কৰে বঙালি নেতা প্ৰদীপ দত্ত ৰয়ে।