পূজাৰ পূৰ্বে দুটকা অধিক ঘটাৰ লালসা! ঘোচ লৈ আকৌ গ্ৰেপ্তাৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ বিষয়া মিয়াচান্দ আলী…

নিউজ ডেস্কঃ দুৰ্গা পূজাৰ পূৰ্বে দুটকা অতিৰিক্তভাৱে উপাৰ্জন কৰিবলৈ গৈ গ্ৰেপ্তাৰ হ’ল আন এজন চৰকাৰী কৰ্মচাৰী।

এইবাৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তে চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ ইউবিৰ নায়ক মিয়াচান্দ আলী।

উৎকোচ গ্ৰহণৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ মিয়াচান্দ আলী।

অভিযোগকাৰীৰ বিচাৰাধীন বিলসমূহৰ প্ৰক্ৰিয়াকৰণ আৰু গৃহীতকৰণ ক্ষিপ্ৰ কৰাৰ বাবদ ধন দাবী কৰিছিল দুৰ্নীতিগ্ৰস্ত বিষয়াজনে।

কিন্তু দাবী কৰা ধন গ্ৰহণৰ সময়তে ধৰা পৰে দুৰ্নীতি নিবাৰক শাখাৰ হাতত।

টুইটাৰযোগে মিয়াচান্দৰ গ্ৰেপ্তাৰৰ কথা সদৰী কৰিছে বিশেষ সঞ্চালকপ্ৰধান জিপি সিঙে।

উল্লেখ্য যে, বুধবাৰৰ দিনটোত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল আন এজন চৰকাৰী কৰ্মচাৰী।

হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ ভূমি বস্তােবস্তি কাৰ্যালয়ৰ কৰ্মচাৰী উৎপল কুমাৰ নাথ।