পূজাৰ আনন্দৰ মাজতে অঘটন! পূজা মণ্ডপত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু যুৱকৰ…

দুৰ্গা পূজাৰ আনন্দৰ মাজতে এক শোকাৱহ ঘটনা।

কাছাৰত পূজা মণ্ডপত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী যুৱকে।

কাছাৰ জিলাৰ উদাৰবন্দ কালিবাড়ি ৰোডৰ পূজা মণ্ডপত সংঘটিত হৈছে এই অঘটন। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা যুৱকজনৰ নাম সুজন দাস।

যুৱকজনৰ ঘৰ কাছাৰ জিলাৰ বৈৰাগী টিলাত।

জানিব পৰা মতে, সুজন দাস পূজাস্থলীত আলোকসজ্জাৰ কাম কৰি আছিল সেই সময়তে হঠাতে বিদ্যুৎস্পৃষ্ট হয় সুজন।

লগে লগে পূজা কমিটীৰ সদস্যসকলে আহত সুজনক প্ৰথমতে লৈ যায় উদাৰবন্দ প্রাথমিক চিকিৎসা কেন্দ্ৰলৈ।

কিন্তু অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁক স্থানান্তৰ কৰা হয় শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ।

কিন্তু মেডিকেলত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।