আজিৰে পৰা দেশজুৰি আৰম্ভ হ’ব 5G ম’বাইল নেটৱৰ্ক সেৱা…

আজি দেশজুৰি আৰম্ভ হ’ব 5G ম’বাইল নেটৱৰ্ক সেৱা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব এই সেৱা।

ইণ্ডিয়ান ম’বাইল কংগ্ৰেছৰ ষষ্ঠ সংস্কৰণৰ সভাত মুকলি কৰিব এই সেৱা।

ইতিমধ্যে সম্পন্ন হৈছে 5G সেৱাৰ নিলাম প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ জৰিয়তে চৰকাৰৰ ৰাজহ সংগ্ৰহ হ’ব ১ লাখ ৫০ হাজাৰ ১৭৩ কোটি টকা।

ৰিলায়েন্স, জিঅ’, ভাৰতী এয়াৰটেলে দেশৰ নিৰ্বাচিত মহানগৰত আৰম্ভ কৰিব 5G সেৱা।

চলিত বৰ্ষৰ শেষৰ ভাগত অথবা ২০২৪ৰ প্ৰথমাৰ্ধত সমগ্ৰ দেশতে উপলব্ধ এই 5G সেৱা৷

দিল্লী, মুম্বাই, চেন্নাই আৰু কলকাতাবাসীয়ে প্ৰথমে লাভ কৰিব এই 5G সেৱা।

প্ৰথমাৱস্থাত সৰ্বমুঠ ১৩ খন চহৰৰ বাসিন্দাৰ বাবে উপলব্ধ হ’ব এই 5G সেৱা।