অসম

পুনৰ ৩ মাহৰ বাবে যুদ্ধ বিৰতি ঘোষণা আলফা স্বাধীনৰ…

পুনৰ যুদ্ধ বিৰতি ঘোষণা আলফা স্বাধীনৰ।

৩ মাহৰ বাবে সকলো ধৰণৰ সামৰিক অভিযান বিৰতি ঘোষণা সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)ৰ।

কৰ’ণা ভাইৰাছৰ বাবেই পুনৰ বাৰ যুদ্ধ বিৰতি ঘোষণা কৰিছে সংগঠনটোৱে।

ইয়াৰ পূৰ্বে মে’ মাহৰ ১৫ তাৰিখৰ পৰা সংগঠনটোৱে সামৰিক অভিযান তিনিমাহৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

পিছে সেই সময়সীমা আজি ১৪ আগষ্ট তাৰিখে উকলি যোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ সেই যুদ্ধ বিৰতি ৩ মাহৰ বাবে বৃদ্ধি কৰিছে।

এক বিজ্ঞপ্তি যোগে এই কথা জানিবলৈ দিয়ে আলফা স্বাধীনে।

Leave a Reply

Your email address will not be published. Required fields are marked *