অসম

কৰ’ণাত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু এটি ডেৰ বছৰীয়া শিশুৰ…

ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সন্ত্ৰাস।

পুনৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে এটি কণমানিয়ে।

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু এটি ডেৰ বছৰীয়া শিশুৰ।

চাবুৱাৰ জেৰাই গাঁৱৰ শিশু টিৰ চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে নিশা মৃত্যু হয়।

জানিব পৰা মতে শিশুটি ১১ আগষ্টত অসম মেডিকেলত ভৰ্তি হৈ চিকিৎসাধীন হৈ আছিল।

উল্লেখ্য যে, ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিডৰ দ্বিতীয় ঢৌত মৃত্যু হৈছে মুঠ ৬টি শিশুৰ।

চলিত বৰ্ষত জানুৱাৰী মাহৰ পৰা অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিডত ১৪০জন শিশু ভৰ্ত্তি হৈছিল।

ইয়াৰে ৬টি শিশু ইতিমধ্যে মৃত্যু মুখত পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *