অসম

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

পুনৰ সাধাৰণ জনতাৰ মূৰত মাধমাৰ।

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।

যোৱা ৫ দিনত চতুৰ্থ বাৰলৈ ডিজেলৰ মূল্য বৃদ্ধি পাইছে।

ইয়াৰ পূৰ্বে ২৪, ২৬ আৰু ২৭ ছেপ্টেম্বৰত ডিজেলৰ মূল্য বৃদ্ধি পাইছিল।

মঙলবাৰে প্ৰতিলিটাৰ ডিজেলত ৭৫ পইচা বৃদ্ধি পোৱাৰ লগতে পেট্ৰ’লত ২০ৰ পৰা ২২ পইচা বৃ দ্ধি পাইছে প্ৰতি লিটাৰত।

আনহাতে প্ৰায় দুমাহৰ পাছত মঙলবাৰে বৃদ্ধি পায় পেট্ৰলৰ মূল্য।

দিল্লীত বৰ্তমান প্ৰতিলিটাৰ পেট্ৰ’লত ১০১.৩৯ টকা আৰু ডিজেলত ৮৯.৫৭ টকা, মুম্বাইত ১০৭.৪৭ টকা পেট্ৰ’লৰ প্ৰতিলিটাৰৰ মূল্য আৰু ডিজেলৰ প্ৰতি লিটাৰৰ মূল্য হৈছেগৈ ৯৭.২১ টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *