ৰাষ্ট্ৰীয়

পুনৰ বৃদ্ধি ঘৰুৱা ব্যৱহাৰযোগ্য LPG চিলিণ্ডাৰৰ মূল্য…

উৎসৱৰ বতৰত পুনৰ সাধাৰণ জনতাৰ মূৰত মাধমাৰ।

পুনৰ বৃদ্ধি ঘৰুৱা ব্যৱহাৰযোগ্য LPG চিলিণ্ডাৰৰ মূল্য।

বিগত ১ অক্টোবৰত ১৯ কিলোগ্ৰামৰ বাণিজ্যক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হোৱাৰ পিছত এইবাৰ ৬ অক্টোবৰ পুনৰ বৃদ্ধি পালে ৰাজসাহায্যবিহীন ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য।

প্ৰতিটো চিলিণ্ডাৰত বৃদ্ধি পাইছে ১৫ টকাকৈ।

বুধবাৰৰ পৰা প্ৰযোজ্য হ’ব এই নতুন মূল্য।

সেই অনুসৰি দিল্লী, মুম্বাইকে ধৰি একাংশ চহৰত বুধবাৰৰ পৰা এল পি জি চিলিণ্ডাৰৰ মূল্য ৮৮৪.৫০ ৰ পৰা ৮৯৯.৫০ টকালৈ বৃদ্ধি হৈছে।

পাটনাত আকৌ এটা চিলিণ্ডাৰৰ মূল্য হৈছে ৯৯৮ টকা। অৰ্থাত ১০০০ টকালৈ মাত্ৰ ২ টকা কম।

একেদৰে বুধবাৰৰ পৰা কলকাতাত এল পি জি চিলিণ্ডাৰৰ মূল্য ৯২৬ টকা আৰু চেন্নাইত ৯১৫.৫০ টকা মূল্যত ক্ৰয় কৰিব লাগিব।

খাৰুৱা তেলৰ বৰ্ধিত মূল্যৰ প্ৰতি লক্ষ্য ৰাখি, এইবাৰ এল পি জি চিলিণ্ডাৰৰ মূল্য ১০০০ টকা অতিক্ৰম কৰিব বুলি আশংকা কৰা হৈছে।

অসমৰো কোনো কোনো প্ৰান্তত ১০০০লৈ বৃদ্ধি হৈছে ঘৰুৱা ব্যৱহাৰযোগ্য LPG চিলিণ্ডাৰৰ মূল্য।

Leave a Reply

Your email address will not be published. Required fields are marked *