অসমঅসমীয়া

পুনৰ দুষ্প্ৰাপ্য শিহুৰ অস্বাভাৱিক মৃত্যু, বৰশীবিদ্ধ অৱস্থাত ছট্ফটাই মৃত্যু

নিউজ ডেস্ক। অস্বিত্বৰ সংকটত ভুগিছে অসমৰ ৰাজ্যিক জলজ প্ৰাণী শিহু।

শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন ঠাইত জীৱশ্ৰেষ্ঠ মানুহৰ নিৰ্দয়তাৰ বাবে মৃত্যু ঘটিছে এই দুষ্প্ৰাপ্য প্ৰাণীটােৰ। যাৰ ফলত শংকিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী।

চলিত সপ্তাহতে কামৰূপ জিলাৰ বকাে সমষ্টিৰ অন্তৰ্গত জলজলী নদীৰ এলেকাত শিহুৰ মৃতদেহ উদ্ধাৰ হােৱাৰ পাছত পুনৰ তেজপুৰত মৃত্যু ঘটিছে এটা দুষ্প্ৰাপ্য শিহুৰ।

জানিব পৰা মতে, এই প্ৰাপ্তবয়স্ক শিহুটোক বৃহস্পতিবাৰে আবেলি ৰুদ্ৰপদ আৰু ধেনুখুন্দা পাহাৰৰ মাজৰ এক অংশৰ নামনিত ব্ৰহ্মপুত্ৰৰ পানীত ছট্ফটাই থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে।

প্ৰথমতে ডাঙৰ মাছ বুলি ভবা প্ৰত্যক্ষদৰ্শীয়ে পাৰলৈ চাপি অহা মুমূৰ্ষপ্ৰায় শিহুটোৰ দেহত বৰশীবিদ্ধ হৈ থকাৰ লগতে মুখৰ অংশৰ লগতে শৰীৰত জালে মেৰিয়াই থকা দেখা পায়।

লগে লগে পানীত নামি তেওঁলোকে শিহুটোৰ দেহৰ পৰা জাল আৰু বৰশী এৰুৱাবলৈ চেষ্টা কৰে যদিও এই শিহুটোৰ মৃত্যু ঘটে।

উল্লেখ্য যে বিশ্বনাথ ঘাটৰ পৰা শোণিতপুৰৰ শিঙৰি পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ ১১৯ কিলোমিটাৰ অংশত বিশ্বনাথ, শিলঘাট, ভোমোৰাগুৰি, ৰুদ্ৰপদ, দেৱীসিং ঘাট আৰু শিঙৰিত ২২০টা শিহু আছে বুলি ইতিমধ্যে বন বিভাগে উল্লেখ কৰিছে।

ইপিনে, শিহুটোৰ মৃতদেহ ব্ৰহ্মপুত্ৰৰ পাৰতে বান্ধি থোৱা হৈছিল যদিও বৃহস্পতিবাৰে পুৱালৈ মৃত শিহুটো ইয়াৰ পৰাই অন্তৰ্ধান হোৱাত ৰহস্যৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *