পুনৰ ছবি জগতলৈ উভতিছে যতীন বৰা! ‘ৰত্নাকৰ’ৰ পিছত এইবাৰ ছবিপ্ৰেমীৰ বাবে আহি আছে ‘ৰাঘৱ’…

নিউজ ডেস্কঃ ৰাজনৈতিক দায়িত্বৰ মাজতে আকৌ ছবি জগতলৈ ঘূৰি আহিছে অসমীয়া চলচ্ছিত্ৰৰ এসময়ৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই।

ৰত্নাকৰৰ পিছত এইবাৰ ‘ৰাঘৱ’ৰ নামৰ আন এখন অসমীয়া ছবিৰ পৰিচালনা আৰু অভিনয় কৰিব যতীন বৰাই।

শুকুৰবাৰে জ্যোতি চিত্ৰবণত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু কলা-কুশলীৰ উপস্থিতিত আৰম্ভ হয় এই ৰাঘৱৰ শুভ মুহূৰত।

photo1665758303
পুনৰ ছবি জগতলৈ উভতিছে যতীন বৰা! 'ৰত্নাকৰ’ৰ পিছত এইবাৰ ছবিপ্ৰেমীৰ বাবে আহি আছে 'ৰাঘৱ’… 3

ছবিখন সন্দৰ্ভত সাংবাদিকৰে বাৰ্তালাপ কৰি যতীন বৰাই কয় যে ৰত্নাকৰত অভিনয় কৰা কলা-কুশলী সকলেই মূলতঃ অভিনয় কৰিব এইখন ছবিটো।

মুনীন বৰুৱাৰ ছবিৰ দৰেই এক স্বাদ দৰ্শকক ৰাঘৱৰ জৰিয়তে দিবলৈ চেষ্টা কৰিব বুলিও মন্তব্য কৰে যতীন বৰাই।

এই ছবিখনৰ কিছু দৃশ্যগ্ৰহণ গুৱাহাটীত সম্পন্ন হোৱাৰ পিছত যোৰহাট আৰু হায়দৰাবাদতো ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে অভিনেতাগৰাকীয়ে।

photo1665758333
পুনৰ ছবি জগতলৈ উভতিছে যতীন বৰা! 'ৰত্নাকৰ’ৰ পিছত এইবাৰ ছবিপ্ৰেমীৰ বাবে আহি আছে 'ৰাঘৱ’… 4

আনহাতে ৰাঘৱৰ এটা অতি গুৰুত্বপূৰ্ণ চৰিত্ৰত দীৰ্ঘ সময়ৰ বিৰতিৰ অন্তত অভিনয় কৰিব মৃদুলা বৰুৱাই।

ছবিখনৰ সংগীত পৰিচালনা কৰিব জুবিন গাৰ্গে। দিগন্ত ভাৰতীয়েও এই ছবিখনৰ বাবে এটা গীত লিখিব বুলি জানিবলৈ দিয়ে যতীন বৰাই।

ইফালে ‘ফেণ্টম’ৰ দৰে ব্যয়বহুল কেমেৰাৰ জৰিয়তে ছবিখনৰ একশ্যন দৃশ্যসমূহৰ দৃশ্যগ্ৰহণ কৰি ছবিপ্ৰেমিক এক অনন্য অভিজ্ঞতা প্ৰদানৰ বাবে ৰাঘৱৰ জৰিয়তে চেষ্টা চলোৱা হ’ব বুলিও মন্তব্য কৰে যতীন বৰাই।