অসমীয়াঅসম

প্ৰবঞ্চক ভাবী স্বামীক গ্ৰেপ্তাৰৰ পিছত এইবাৰ SI জােনমিণ ৰাভাৰ নাম সাঙোৰ খাই পৰিছে প্ৰৱঞ্চনাত

নিউজ ডেস্কঃ পুনৰ চৰ্চা লাভ কৰিছে নগাঁও আৰক্ষী থানাৰ উপ পৰিদৰ্শক জোনমণি ৰাভাই।

এইবাৰ বৃহৎ প্ৰৱঞ্চণাৰ অভিযোগ উত্থাপন হৈছে এছআই জোণমণি ৰাভাৰ বিৰুদ্ধে।

প্ৰৱঞ্চনাৰ অভিযোগত এছআই গৰাকীয়ে গ্ৰেপ্তাৰ কৰোৱা ভাবী স্বামীৰ জালিয়াতিৰ বিষয়ে তেওঁ পূৰ্বৰে পৰাই জ্ঞাত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

photo1652258252

এছ আই জোনমণি ৰাভাই তেওঁৰ ভাৱী স্বামী ৰাণা পগাগক মাজুলীৰ একাংশ লোকৰ আগত অএনজিচিৰ বিষয়া বুলি চিনাকি কৰাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

যাৰ বাবে এতিয়া জোণমণি ৰাভাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে একাংশ লোক।

photo1652258449

ইতিমধ্যে ৰাম অৱতাৰ শৰ্মা আৰু অজিত বৰা নামৰ দুজন ব্যৱাসায়ীয়ে জোণমনি ৰাভাৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ তোলাৰ লগতে মাজুলীৰ গড়মূৰ থানাত ৰাণা পগাগৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে।

photo1652256992

ব্যৱয়াসী দুজনৰ অভিযোগ অনুসৰি ঠিকা প্ৰদানৰ নামত জোণমনি ৰাভাৰ ভাৱীস্বামী ৰানা পগাগে তেওঁলোকৰ পৰা সৰকাইছিল ৪৯ লাখ টকা।

ব্যৱসায়ী দুজনৰ অভিযোগ অনুসৰি এছআই জোনমণি ৰাভায়েই ৰাণা পগাগক চিনাকি কৰাই দিছিল তেওঁলোকৰ সৈতে। আনহাতে জোনমণি ৰাভাৰ বেংক একাউণ্টৰ জৰিয়তেই ধনৰ লেনদেন কৰাৰো অভিযোগ তুলিছে ব্যৱসায়ী দুগৰাকীয়ে।

উল্লেখ্য যে, মাজুলীত কৰ্মৰত হৈ থকা সময়ত বিধায়কক ফোনত ধমক দি এগৰাকী সাহসী আৰক্ষী বিষয়াৰূপে চৰ্চা লাভ কৰিছিল জোনমণি ৰাভাই।

ইয়াৰ পৰৱৰ্তী সময়ত শেহতীয়াকৈ তেওঁ নিজৰে ভাৱীস্বামী ৰাণা পগাগক প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাই কৰোৱাই পুনৰ দখল কৰিছিল বাতৰিৰ শিৰোণাম।

photo1652258283

প্ৰণিধানযোগ্য যে, মহাঠগ ৰাণা পগাগে নিজকে নিজকে অএনজিচিৰ বিষয়া বুলি পৰিচয় দি বহুতৰে পৰা কোটি কোটি টকা সৰকোৱাৰ অভিযোগ উত্থাপন হৈছে।

জোনমণি ৰাভাৰ সৈতে তেওঁৰ বিয়া ঠিক হৈ আছিল। কিন্তু ভাৱীস্বামীৰ মহা প্ৰৱঞ্চনাৰ বিষয়ে জানিব পৰাৰ পিছতে এছআই জোনমণি ৰাভাই নিজেই তেওঁক গ্ৰেপ্তাৰ কৰে।

লগতে চাওকঃ

২ বছৰীয়া সন্তান, অসুস্থ পিতৃক এৰি আলফা (স্বা)লৈ গ’ল উদীয়মান কণ্ঠশিল্পী অভিলেখ বৰা

photo1652252521

Leave a Reply

Your email address will not be published. Required fields are marked *