ইণ্ডাষ্ট্ৰিয়েল বেংকৰ কোটি কোটি টকীয়া কেলেংকাৰীৰ ৰহস্য ফাদিল, জেৰাত মুখ খুলিছে শুভ্ৰজ্যোতি ভৰালীয়ে…

ইণ্ডাষ্ট্ৰিয়েল ক’অপাৰেটিভ বেংকৰ ৫০ কোটি টকীয়া কেলেংকাৰীৰ ৰহস্য ফাদিল৷

জেৰাত মুখ খুলিছে বেংকটোৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালীয়ে৷

ভৰালীয়ে নিজৰ ব্যক্তিগত বিত্তিয় প্ৰতিষ্ঠানৰ জৰিয়তে চলাইছিল লুণ্ঠন৷

‘অসমী ফাইনেন্স’ নামৰ এটা ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰো মালিক ভৰালী৷

নিজৰ ব্যক্তিগত কৰ্মচাৰীক বেংকত নিযুক্তি দিছিল ভৰালীয়ে৷

মুঠ ১২৫জন কৰ্মচাৰীক বেংকত নিযুক্তি দিছিল শুভ্ৰজ্যোতি ভৰালীয়ে৷ ফিল্ড একজিকিউটিভ হিচাপে নিযুক্তি দিছিল ১৩জন কৰ্মচাৰীক৷

ধন সংগ্ৰাহক হিচাপে নিযুক্তি দিছিল শতাধিক কৰ্মচাৰীক৷

প্ৰতিজনক দৰমহা হিচাপে দিছিল ১৫-২৭ হাজাৰ টকা৷ কিন্তু কাগজে পত্ৰই প্ৰতিজনক ৪৮ হাজাৰ দিয়া দেখুৱাইছিল ভৰালীয়ে৷ উক্ত অতিৰিক্ত দৰমহাৰ ধন আত্মসাৎ কৰিছিল ভৰালীয়ে।

আনহাতে প্ৰতিজন কৰ্মচাৰীৰ পৰা ব্লেংক চেকত চহী ৰাখিছিল ভৰালীয়ে৷ প্ৰতিজন কৰ্মচাৰীৰে ৪-৫টাকৈ একাউণ্ট IDBI বেংকত খুলি দিছিল৷

পূৰ্বে বেংকটোত আত্মসহায়ক গোটক লোণ দিয়াৰ নিয়ম নাছিল৷ কিন্তু ভৰালীয়ে বেংকত যোগদান কৰিয়েই আত্মসহায়ক গোটক লোণ দিছিল৷ লোণৰ কিস্তি সংগ্ৰহৰ নামতো ৪ কোটি ৮২ লাখ আত্মসাৎ কৰিছিল৷

ইয়াৰ উপৰি TAৰ নামতো প্ৰায় ১ কোটি ১০ লাখ আত্মসাৎ কৰিছিল ভৰালীয়ে।

Leave a Comment