পুনৰ এনকাউণ্টাৰ! এইবাৰ আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ চিলনী চোৰ…

নিউজ ডেস্কঃ ৰাজ্যত পুনৰ এনকাউণ্টাৰ ঘটনা।

এইবাৰ আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ চিলনী চোৰ।

নিশা কাৰ্বি আংলঙৰ ডিফুত সংঘটিত হয় এই ঘটনা।

আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ লওতেই গুলী চলাবলৈ বাধ্য হয় আৰক্ষী।

যাৰ ফলত ভৰিত গুলী লাগি আহত হয় চিলনী চোৰটো।

ধৃত চোৰটো পশ্চিম বংগৰ সাগৰ গোৱালা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, ডিফুত ২২ লাখ টকা কাঢ়ি উধাও হৈছিল চিলনী চোৰটো।

কিন্তু ৰাইজ আৰু আৰক্ষীয়ে কৰায়ত্ত কৰে চোৰটোক।

নিশা আৰক্ষীয়ে চিলনী চোৰটোক লৈ অভিযান চলাবলৈ যাওতেই আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলায়।