পুনৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত আহত ভূ-মাফিয়া নজৰুল ইছলাম…

পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ।

আৰক্ষীৰ গুলীত আহত ভূ-মাফিয়া নজৰুল ইছলাম।

লামডিং বনাঞ্চলত মাটি বিক্ৰী চক্ৰৰে জড়িত আছিল দালাল নজৰুল।

লামডিং সংৰক্ষিত বনাঞ্চলৰ ভূমিত ধনৰ বিনিময়ত অবৈধভাৱে বিভিন্ন লোকক সংস্থাপিত কৰাৰ লগতে ভূ-মাফিয়া হিচাপে পৰিগণিত হোৱা নজৰুল শুকুৰবাৰে নিশা গুলীবিদ্ধ হয়।

বিগত ১৬ নৱেম্বৰৰ পুৱা হোজাই আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা আটক কৰিছিল নজৰুলক।

দালাল নজৰুল বিগত ৩ দিন আছিল লামডিং আৰক্ষীৰ জিম্মাত।

শুকুৰবাৰে লামডিং আৰক্ষীয়ে নজৰুলক লামডিং বনাঞ্চলৰ আন আন ভূমাফিয়াৰ ঠিকনা দেখুৱাবলৈ লৈ যোৱাৰ সময়তে নজৰুলে নখুঁটি অঞ্চলত আৰক্ষীৰ পিষ্টল কাঢ়ি লৈ এটা ৰাউণ্ড গুলী চালনা কৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে ভূ-মাফিয়া নজৰুলক লক্ষ্য কৰি গুলীচালনা কৰে।

নজৰুলৰ ভৰিত গুলী লাগে আৰু আহত হয়।

উল্লেখ্য যে, একে নিশাই দুটা অপৰাধীলৈ লক্ষ্য কৰি গুলী চালনা কৰে হোজাই আৰক্ষীয়ে।

ডবকাৰ দুধৰ্ষ বাইক চোৰ জাকিৰ হুছেইনো হোজাই আৰক্ষীৰ গুলীত আহত হয়।

দীৰ্ঘদিন ধৰি ডিমাপুৰৰ অপৰাধী চক্ৰৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহা জাকিৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ণৰ চেষ্টা কৰিছিল।

ইয়াৰ পিছতে আৰক্ষীয়ে জাকিৰলৈ লক্ষ্য কৰি গুলীচলনা কৰে।

দুয়ো সম্প্ৰতি নগাওঁ ভোগেশ্বৰী ফুননী অসমাৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Leave a Comment