পুনৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া…

পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ।

এইবাৰ নগাঁৱৰ আনন্দ মিশ্ৰ বাহিনীৰ গুলীত আহত এজন দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া।

ননৈৰ দলঙৰ তলত পলাবলৈ চেষ্টা কৰা সময়তে মনিপুৰৰ ৰামায়া নামৰ ড্ৰাগছ ব্যৱসায়ীজনক গুলীয়াই আহত কৰে।

গোপনসুত্ৰৰ পম খেদি ড্ৰাগছ ব্যৱসায়ী জনক আৰক্ষীয়ে কৰায়ত্ব কৰিছিল৷ উদ্ধাৰ কৰিছিল প্ৰায় ২০ লাখ টকাৰ হেৰইন৷ আজি সন্ধ্যা মনিপুৰৰ ড্ৰাগছ ব্যবসায়ী জনে ড্ৰাগছ খিনি হস্তান্তৰ কৰা কথা আছিল৷

সেই মতে আৰক্ষীয়ে ৰামায়ক লগত লৈ নিদিষ্ট স্হানত খাপ পিতে।

আন্ধাৰৰ সুবিধা লৈ ব্যৱসায়ী জনে আৰক্ষী লক্ষেশ্বৰ বৰাক বুকুত আঘাট কৰি দৌৰি পলাবলৈ চেষ্টা কৰে৷ তেতিয়া আৰক্ষীয়ে ৰামায়ক গুলিবিদ্ধ কৰে৷

ইফালে এই ড্ৰাগছ ব্যৱসায়ী জনে পূৰ্বে ২০ বাৰ মনিপুৰৰ পৰা ড্ৰাগছ আনি নগাঁত বিক্ৰি কৰি অহা তথ্য আৰক্ষীয়ে লাভ কৰিছে।

বৰ্তমান গুলিবিদ্ধ ড্ৰাগছ ব্যবসায়ী জন নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Leave a Comment