অসম

নিৰ্বাচনী আইন উলংঘা! মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগৰ পৰা কাৰণ দৰ্শোৱা জাননী…

ৰাজ্যত বলিছে এতিয়া উপ নিৰ্বাচনৰ গৰম বতাহ।

উপ নিৰ্বাচনত আসন নিজৰ দখললৈ আনিবৰ বাবে তৎপৰ হৈ পৰিছে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযানত।

কিন্তু ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ শৰ্মাৰ বিৰুদ্ধে উত্থাপন হৈছে নিৰ্বাচনী আইন উলংঘা কৰাৰ অভিযোগ।

যাৰ ফলত নিৰ্বাচনী আয়োগৰ পৰা মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে কাৰণ দৰ্শোৱা জাননী।

বিজেপি তথা মিত্ৰজোট ইউ পি পি এল দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ নামত মুখ্যমন্ত্ৰীয়ে বাট পথ লগতে অন্য বিকাশ আৰু আঁচনি আদিৰ ঘোষণা কৰে ভোটদাতা সকলক।

যাৰ ভিডিঅ আৰু বাতৰিৰ কিয়দংশ প্ৰমাণ হিচাপে দাঙি ধৰি নিৰ্বাচনী আয়োগক প্ৰদান কৰি নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ তোলে কংগ্ৰেছে।

যাৰ পিছতে সকলো ভিডিঅ আদি চাই নিৰ্বাচনী আয়োগে মুখ্যমন্ত্ৰীলৈ কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰে আৰু ২৬ অক্টোবৰ মঙলবাৰৰ সন্ধিয়া ৫ বজালৈ ইয়াৰ উত্তৰ দিবলৈ সময়সীমা বান্ধি দিয়ে।

যদি মুখ্যমন্ত্ৰীয়ে সন্ধিয়া ৫ বজাৰ ভিতৰত কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ নিদিয়ে তেন্তে আয়োগৰ ফালৰ পৰা তদন্ত কৰা হব বুলি জাননীত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে, ৰাজ্যত বিধান সভাৰ উপ নিৰ্বাচন ৩০ অক্টোবৰত অনুষ্ঠিত হব আৰু ২ নৱেম্বৰ তাৰিখে ইয়াৰ ভোটগণনা অনুষ্ঠিত হব।

Leave a Reply

Your email address will not be published. Required fields are marked *