অসম

পুনৰ আলফা স্বাধীনলৈ অসমীয়া যুৱক…

আলফা স্বাধীনে আকৰ্ষিত কৰিছে ৰাজ্যৰ একাংশ যুৱকক।

শেহতীয়াভাৱে ছিপাঝাৰৰ দেওমৰনৈৰ এজন যুৱক পুনৰ আলফালৈ যোৱাৰ খবৰ প্ৰকাশ পাইছে।

দৰঙৰ পাথৰিঘাট আৰক্ষী চকীৰ অন্তৰ্গত দেওমৰনৈ কুমাৰপাৰাৰ যুৱক হীৰকজ্যোতি বৰাৰ আলফাত যোগদান।

পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি ৯ মাৰ্চত কামৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈছিল হীৰকে।

লকডাউনৰ পূৰ্বে গুজৰাটৰ কেম্পানীত কৰ্মৰত থকা হীৰকে উভতি আহি ফলমূলৰ ব্যৱসায় আৰম্ভ কৰিছিল।

পৰিয়ালৰ একমাত্ৰ পুত্ৰ হীৰকক ঘৰলৈ উভতাই পঠাবলৈ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

Leave a Reply

Your email address will not be published. Required fields are marked *