অসম

পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ, আহত ড্ৰাগছ সৰবৰাহকাৰী…

পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ, আহত ড্ৰাগছ সৰবৰাহকাৰী।

বোকাজানৰ খটখটী আৰক্ষীৰ গুলিত আহত ড্ৰাগছ সৰবৰাহকাৰী।

মণিপুৰৰ পৰা অহা এখন ট্ৰাকত তালাচী চলাই ১১৫ টা চাবোনৰ বাকচত উদ্ধাৰ কৰে ড্ৰাগছখিনি।

জব্দকৃত ড্ৰাগছখিনৰ মূল্য প্রায় ১৫ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে।

জব্দকিত ড্ৰাগছখিনিৰ ওজন প্ৰায় ১.৬ কেজি।

ড্ৰাগছৰ সৈতে দুটাকৈ সৰবৰাহকাৰী আমিৰ হুছেইন আৰু চালাও ৰহমানক আটক কৰে আৰক্ষীয়ে।

ড্ৰাগছখিনি বোকাজান আৰক্ষীৰ তালাচীসমূহ পাৰ কৰি দিয়াৰ পিছত বোকাজানৰ এক গোপন স্থানত ডেলিভাৰী দিয়াৰ কথা আছিল।

আৰক্ষীৰ সোধা পোছাত সেই কথা স্বীকাৰ কৰিছিল দুই সৰবৰাহকাৰীয়ে।

আৰক্ষীক সেই স্থান দেখুৱাবলৈ নিওতেই সৰবৰাহকাৰী আমিৰ হুছেইনে নিজৰ শাৰীৰিক অসুবিধা পাইছে বুলি নামিবলৈ খুজিছিল আৰু নমাই দিয়াৰ লগে লগেই আৰক্ষীক গতিয়াই পলাবলৈ চেষ্টা কৰিছিল।

ইতিমধ্যে ধৃত চিকিৎসাৰ বাবে আমিৰক ডিফু মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *