অসম

কিংবদন্তী কথক নৃত্যশিল্পী বিৰজু মহাৰাজৰ দেহাৱসান…

কিংবদন্তী কথক নৃত্যশিল্পী বিৰজু মহাৰাজৰ দেহাৱসান।

দেওবাৰে দিল্লীত নিজা বাসগৃহত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ।

FJRFJGja-AAEOy-Ra

জানিব পৰা মতে, বিৰজু মহাৰাজে দেওবাৰে নিশা তেওঁৰ নাতিৰ সৈতে খেলি থকাৰ সময়তে স্বাস্থ্যৰ অৱনতি ঘটে আৰু অজ্ঞান হৈ পৰি যায়।

তেওঁক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

উল্লেখ্য যে, বিৰজু মহাৰাজক ১৯৮৩ চনত দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হৈছিল।

বিৰজু মহাৰাজক শিষ্য আৰু অনুগামীসকলে মৰমেৰে পণ্ডিত-জী বা মহাৰাজ-জী বুলি অভিহিত কৰিছিল। 

তেওঁ সংগীত নাটক অকাডেমি বঁটা আৰু কালিদাস সন্মানো লাভ কৰিছে।

লগতে, কাশী হিন্দু বিশ্ববিদ্যালয় আৰু খাইৰাগড় বিশ্ববিদ্যালয়ে বিৰজু মহাৰাজক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল।

তাৰোপৰি,২০১৬ চনত, ‘বাজিৰাও মস্তানী’ ছবিৰ ‘মোহে ৰং দো লাল’ গানটোৰ নৃত্য পৰিচালনাৰ বাবে ফিল্মফেয়াৰ বঁটাও লাভ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *