অসম

পুনৰ অনুশীলনৰ মাজলৈ বজ্ৰকন্যা লাভলীনা, অশ্ৰুসিক্ত নয়নেৰে বিদায় ল’লে আপোন ঘৰৰ পৰা…

পুনৰ অনুশীলনৰ মাজলৈ বজ্ৰকন্যা লাভলীনা বৰগোহাঁই।

বাংগালুৰুৰ অনুশীলন শিৱিৰলৈ ৰাওনা হ’ল দেশৰ গৌৰৱ লাভলীনাই।

বিদায় মূহূৰ্তত এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয় লাভলীনাৰ আপোন ঘৰখনত।

বিদায় পৰত বাৰে বাৰে মাতৃ-ভগ্নীক সাবটি ধৰে লাভলীনাই।

দিনৰ ১১.৩০ বজাত বাৰমুখীয়া গাঁৱৰ ঘৰখনৰ পৰা পিতৃৰ সৈতে ডিমাপুৰ বিমান বন্দৰলৈ ৰাওনা হয় লাভলীনা।

অসুস্থ মাতৃয়ে অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে নিজৰ মৰমৰ কন্যাক।

বিদায় মূহূৰ্তত লাভলীনাৰ বাসগৃহত উপস্থিত হয় সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন।

বিধায়কজনে লাভলীনাৰ নামত নিৰ্মাণ হ’বলগীয়া ক্ৰীড়া প্ৰকল্পৰ আৰ্হি দেখুৱাই লাভলীনাক।

ক্ৰীড়া প্ৰকল্পৰ আৰ্হি দেখি সন্তুষ্টি প্ৰকাশ কৰে লাভলীনাই।

Leave a Reply

Your email address will not be published. Required fields are marked *