পুত্ৰৰ ঔষধ আনিবলৈ গৈ সন্ধানহীন মাতৃ, মাতৃক বিচাৰি হাহাকাৰ দুই সন্তানৰ…

পুত্ৰৰ ঔষধ আনিবলৈ গৈ সন্ধানহীন এগৰাকী মাতৃ।

চাৰিদিন ধৰি বৰপেটাৰ বিষ্ণুপুৰ গাঁৱৰ নয়নমণি দাস (৩১) নামৰ এগৰাকী মহিলা ৰহস্যজনকভাবে যোৱা সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিষ্ণুপুৰ গাঁৱৰ সঞ্জীত দাসৰ পত্নী নয়নমণি দাস ২৭ জুলাই মঙলবাৰে পুৱা ৮:৩০ মান বজাত পুত্ৰৰ ঔষধ অনাৰ উদ্দেশ্যে বৰপেটালৈ যাম বুলি ওলাই গৈছিল।

তেতিয়াৰ পৰা সন্ধানহীন হৈ আছে মহিলাগৰাকী।

স্বামী সঞ্জীত দাসে মঙলবাৰে গোটেই দিনটো বিচাৰ-খোচাৰ কৰি কোনো সম্ভেদ নোপোৱাত ২৮ জুলাইত বৰপেটা সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

স্বামী সঞ্জীত দাসে জনোৱা মতে, পত্নী নয়নমণি দাসে ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত নগদ বাৰশ টকা, স্বামীৰ মোবাইল ফোন, বেংকৰ পাছবুকৰ লগতে ATM কাৰ্ড আৰু কণিষ্ঠ পুত্ৰৰ চিকিৎসাৰ কাগজসমূহো লগত লৈ যায়।

উল্লেখ্য যে, দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত ২০০৯ চনত বিষ্ণুপুৰ গাঁৱৰ সঞ্জীত দাসৰ সৈতে বৰবিলা গাঁৱৰ নয়নমণি দাস বিবাহপাশত আৱদ্ধ হৈছিল।

ইপিনে মাতৃক ঘৰলৈ উভতি অহাৰ আহ্বান জনাইছে দুই কণমানি পুত্ৰই।

কণমানি দুই পুত্ৰৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি নিৰুদ্দিষ্ট নয়নমণি দাসৰ সন্ধান উলিয়াবলৈ বৰপেটা আৰক্ষীক আহ্বান জনাইছে স্বামী সঞ্জীত দাসে।

Leave a Comment