পিষ্টলসহ আৰক্ষীৰ জালত চুপাৰী কিলাৰ তথা দুৰ্ধৰ্ষ ডকাইত আজিজুৰ…

নগাঁও আৰক্ষীৰ সফলতা!

পিষ্টলসহ আৰক্ষীৰ জালত চুপাৰী কিলাৰ তথা দুৰ্ধৰ্ষ ডকাইত আজিজুৰ ৰহমান।

নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা নগাঁও আৰক্ষীৰ এটা দলে দেওবাৰে নিশা চামগুৰিৰ কাৱৈমাৰীত পিষ্টলসহ গ্ৰেপ্তাৰ কৰে ডকাইত আজিজুৰ ৰহমানক।

ডকাইতি, হত্যা আদিত জড়িত আজিজুৰ চুপাৰী কিলাৰ হিচাপেও জনাজাত।

২০১৬ চনতে আজিজুৰে ছাইফুল ইছলাম নামৰ এজন যুৱকক চামগুৰিৰ গুলীয়াই হত্যা কৰিছিল।

ইয়াৰ পিছতে নগাঁও আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড হৈ পৰা দুৰ্ধৰ্ষ অপৰাধী আজিজুৰে আত্মগোপন কৰি আছিল।

আজিজুৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা হস্তনিৰ্মিত পিষ্টল।

শেহতীয়াভাৱে, লাওখোৱাৰ ডকাইতিৰ লগতো আজিজুৰ জড়িত থকাৰ সন্দেহ কৰিছিল নগাঁও আৰক্ষীয়ে।

Leave a Comment