ডিফুত দুদিনীয়া কার্যসূচীৰে উপায়ুক্ত সন্মিলনঃ মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক দিলে বিশেষ পৰামৰ্শ

পাহাৰীয়া জিলা কার্বি আংলঙলৈ দুদিনৰ বাবে উঠি গ’ল ৰাজ্য চৰকাৰৰ সমস্ত প্রশাসন৷ 

দেওবাৰৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ডিফুৰ আৰব’ৰেটাম উদ্যান প্ৰেক্ষাগৃহত অসমৰ আটাইকেইখন  জিলাৰ উপায়ুক্তসকলৰ দুদিনীয়া প্ৰথমখন সন্মিলন আৰম্ভ হয়।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জিলা উপায়ুক্তসকলেৰে অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ বৈঠক।

দিনৰ প্রায় ১১ বজাত হেলিকপ্টাৰেৰে ডিফুত উপস্থিত হৈ সন্মিলনত অংশগ্রহণ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই।

দুদিনীয়া উপায়ুক্ত সন্মিলনীৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰীৰ লগতে অসম বিধান সভাৰ উপাধ্যক্ষ তথা বোকাজান সমষ্টিৰ বিজেপি বিধায়ক ডাঃ নোমল মমিন, বিত্তমন্ত্ৰী অজন্তা নেওগ, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, কৃষিমন্ত্ৰী অতুল বৰা, পাৰ্বত্য উন্নয়ন আৰু খনি বিভাগৰ মন্ত্ৰী যোগেন মহন, শিক্ষামন্ত্ৰী ৰণোজ পেগু, ক্ৰীড়ামন্ত্ৰী বিমল বৰা, সাংসদ হৰেনছিং বে, কাৰ্বি স্বায়িত্তশাসিত পৰিষদৰ মুখ্যমন্ত্ৰী কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে ডিফু সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেং, হাওৰাঘাট সমষ্টিৰ বিধায়ক দৰছিং ৰংহা, বৈঠালাংছ’ সমষ্টিৰ বিধায়ক ৰূপছিং টেৰনৰ লগতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু মুখ্য সচিব প্ৰমুখ্যে প্ৰতিটো বিভাগৰ অতিৰিক্ত মুখ্য সচিবকে ধৰি প্ৰধান সচিবসকল উপস্থিত থাকে।

Image

উপায়ুক্তসকলৰ কনফাৰেন্সত প্ৰশাসনিক বিভাগটোক সংস্কাৰমুখী, জনসেৱাৰে অধিক গতিশীল কৰি তোলাৰ অৰ্থে কেবিনেটত লোৱা সিদ্ধান্তসমূহক সঠিক ৰূপত কাৰ্যকৰী কৰিবৰ বাবে আলোচনা হয়।

বিয়লি প্রায় ৪.৩০ বজালৈকে অনুষ্ঠিত হোৱা উপায়ুক্ত সন্মিলনৰ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কাজিৰঙাত জিলা আৰক্ষী অধীক্ষক পর্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ পাছত এইবাৰ প্রথমবাৰৰ বাবে ডিফুত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত উপায়ুক্তসকলৰ সন্মিলন অনুষ্ঠিত কৰা হৈছে।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- পৰৱর্তী সময়ত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ অংশগ্রহণেৰে পুনৰ আন এখন সন্মিলন অনুষ্ঠিত কৰা হ’ব৷ প্রতি ৬ মাহত ৩খনকৈ তেনেধৰণৰ সন্মিলন অনুষ্ঠিত কৰা হ’ব৷ জিলা প্রশাসন আৰু স্থানীয় প্রশাসনৰ সৈতে সম্পর্ক স্থাপনৰ লক্ষ্যৰে এই সন্মিলনৰ আয়োজন কৰা হৈছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক দিনত ৰাজ্য চৰকাৰৰ অধীনৰ প্ৰশাসনৰ প্ৰতিটো বিভাগৰ কাম অতি ক্ষিপ্ৰতা আৰু নিষ্ঠাৰে কৰি নিষ্পত্তি কৰিবলৈ আহ্বান জনায়।

বৈঠকতে ৰাজ্যৰ জনগণৰ বাবে সচেতন আৰু আগ্ৰহ, আন্তৰিকতাৰে তথা সেৱাৰ মনোভাৱেৰে সকলোকে নিজ দায়িত্ব পালন কৰিবলৈ মন্ত্ৰী, বিধায়ক, উপাযুক্ত, বিষয়া সকলোকে নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave a Comment