নিউজ ডেস্ক। শিশুৰ ক্ষেত্ৰত অভিভাৱক নাইবা পৰিয়ালৰ লােকৰ সামান্য অসাৱধানতাই কেতিয়াবা ভয়ংকৰ বিপদৰ কাৰণ হ’ব পাৰে।
তেনেই এক ঘটনা সংঘটিত হ’ল মহানগৰীৰ পাৰ্শ্বৱৰ্তী সোণাপুৰৰ বৰখাতত।
খেলি থকা অৱস্থাতে পানী ভৰ্তি ৪০ লিটাৰৰ বাল্টিত পৰি মৃত্যু হয় এটি চাৰি বছৰীয়া শিশুৰ।

জানিব পৰা মতে, শিশুটিৰ পিতৃ-মাতৃ কামৰ বাবে ঘৰত নথকা অৱস্থাত সংঘটিত হয় এই শোকাৱহ ঘটনাটো।
শিশুটিৰ ঘৰত কেৱল দুজনী বায়েক আছিল। কিন্তু তেওঁলােকৰ অজ্ঞাতে এই শােকাৱহ ঘটনা সংঘটিত হয়।
পৰৱৰ্তী পৰ্যায়ত শিশুটিক ততাতৈয়াকৈ সোণাপুৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে।
মৃত শিশুটি বৰখাটৰ বীৰেণ পাচনীৰ পুত্ৰ চেমুৱেল পাচনী বুলি জানিব পৰা গৈছে।
লগতে চাওকঃ
শােকাৱহ! পৰীক্ষাৰ মাজতে ঢলি পৰি আকস্মিক মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰী বিপাঞ্চীৰ

ভূ-পৃষ্ঠৰ পৰা ৪,০১৬ মিটাৰ উচ্চতাত হট্ এয়াৰ বেলুনৰ ওপৰত উৰিল যুৱক, দৃশ্য ভাইৰেল










