শােকাৱহ! পৰীক্ষাৰ মাজতে ঢলি পৰি আকস্মিক মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰী বিপাঞ্চীৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

পৰীক্ষা হলতে হঠাতে ঢলি পৰিল এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী।

ছাত্ৰীগৰাকীক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰােৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘােষণা কৰে।

এই শােকাৱহ ঘটনাৰ স্থান তিনিচুকীয়াৰ সৌমাৰজ্যোতি বিদ্যালয়।

G9

জানিব পৰা মতে, মৃত ছাত্ৰীগৰাকীৰ নাম বিপাঞ্চী বাৰ্বী গগৈ। ঘৰ তিনিচুকীয়াৰ মাকুমৰ জ্যােতি নগৰত।

এই ঘটনাই তীব্ৰ শােকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে বিদ্যালয়খনৰ লগত বৃহত্তৰ অঞ্চলটােত।

263085

ইতিমধ্যে ছাত্ৰীগৰাকীৰ মৃতদেহ মৰণােত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

ছাত্ৰীগৰাকীৰ এনে আকস্মিক মৃত্যুৰ কাৰণ এতিয়াও পােহৰলৈ অহা নাই।

ছাত্ৰীগৰাকী কােনাে ধৰণৰ ৰােগত আক্ৰান্ত নাছিল বুলি বিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

লগতে চাওকঃ

চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল

G1

পানীৰ বাল্টিত পৰি শােকাৱহ মৃত্যু ৪ বছৰীয়া শিশুৰ

10-6

Leave a Comment