পানীৰে ভৰি থকা ৰেল সুৰংগত সোমাই মৃত্যু চিকিৎসক বোৱাৰীৰ, বৰ্তমানেও চিকিৎসাধীন শাহু…

এক শোকাৱহ ঘটনা।

জলমগ্ন ৰেল সুৰংগত প্ৰৱেশ কৰোতে আৱদ্ধ হৈ পৰিল গাড়ী।

যাৰ ফলত পানীৰ পৰা ওলাব নোৱাৰি গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ পৰে দুই মহিলা।

দুয়ো গৰাকী আছিল শাহু-বোৱাৰী। ইয়াৰে বোৱাৰীৰ মৃত্যু হয়।

তাৰ বিপৰীতে শাহু বৰ্তমানেও চিকিৎসাধীন।

এই ঘটনা শনিবাৰে সংঘটিত হয় তামিলনাডুৰ পুডুকট্টাইত।

ইয়াৰে বোৱাৰী গৰাকীৰ নাম সাঠ্য আৰু শাহুৰ নাম জয়ম বুলি জানিব পৰা যায়।

জানিব পৰা মতে, সাঠ্য এখন চৰকাৰী চিকিৎসালয়ৰ এগৰাকী চিকিৎসক।

তেওঁ তেওঁৰ শাহু জয়ম পুডুকোট্টাইৰ লগত তেওঁলোকৰ গৃহচহৰ থুৰাইয়ুৰ গাঁৱলৈ গৈ আছিল। পথত তেওঁলোকে এটা ৰেল সুৰংগ পথ পাৰ হ’বলগীয়া হৈছিল।

কিন্তু শুকুৰবাৰে নিশা অঞ্চলটোত হোৱা প্ৰৱল বৰষুণৰ ফলত ৰেল সুৰংগটো প্লাবিত হৈ আছিল। সেই পৰিস্থিতিৰ বিষয়ে অজ্ঞাত সাঠ্যই সুৰংগটোৰ ভিতৰলৈ গাড়ী লৈ গৈছিল।

যাৰ ফলত তেওঁলোকৰ বাহনখন স্থিৰ পানীত ডুব গৈছিল। গাড়ীখন পানীত আৱদ্ধ হৈ পৰাৰ কেইমিনিটমানৰ ভিতৰতে দুয়ো অচেতন হৈ পৰিছিল।

পৰৱৰ্তী সময়ত স্থানীয় লোকে গাড়ীৰ খিৰিকী ভাঙি তেওঁলোকক উদ্ধাৰ কৰি স্থানীয় লোকে দুয়োকে পুডুকট্টাই চৰকাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ লৈ যায়।

কিন্তু চিকিৎসালয়ত সাঠ্যই মৃত্যুবৰণ কৰে। আনহাতে জয়ম বৰ্তমানেও চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে এই ঘটনাত ক্ষুব্ধ হৈ স্থানীয় লোকে ৰেল আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ত্ৰিচি-পুডুকট্টাই ঘাইপথ অৱৰোধ কৰে।

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে বিভাগীয় বিষয়াসকলে তেওঁলোকৰ বিকল্প পথৰ আহ্বান উপেক্ষা কৰি আহিছে। সুৰংগত পানী জমা হোৱাটো এটা সাধাৰণ কথা বুলি কয় স্থানীয় ৰাইজে।

Leave a Comment