‘পাঠানে’ ভাৰতত বৃদ্ধি কৰিছে মূৰ্খৰ সংখ্যা! উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশৰ মন্তব্যক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ…

নিউজ ডেস্কঃ মুক্তিৰ প্ৰথম দিনটোতে উপাৰ্জনৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে শ্বাহৰুখ খান অভিনীত পাঠানে।

কিন্তু মুক্তিৰ পূৰ্বৰে পৰাই চৰ্চাত আছিল এই ছবিখন।

হিন্দু ধৰ্মীয় অনুভূতিক আঘাত হনাৰ অভিযোগ উত্থাপন কৰি হিন্দুত্ববাদী সংগঠনে সমগ্ৰ দেশত ছবিখনৰ বিৰোধিতা কৰিছিল।

কিন্তু তৎসত্বেও দৰ্শকৰ মাজত অভিলেখ গঢ়িবলৈ সক্ষম হোৱা পাঠানক লৈ এইবাৰ প্ৰতিক্ৰিয়া ভাৰতীয় আইনজীৱী তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মাৰ্কেন্দেয় কাটজুৰ।

টুইটাৰত এই ছবিখনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ছবিখনে ভাৰতত মূৰ্খৰ সংখ্যা বৃদ্ধি কৰা বুলি মন্তব্য কৰে প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে।

টুইটাৰত তেওঁ লিখিছে- ‘পাঠান ছবিখনৰ প্ৰতি সঁহাৰি দেখাৰ পিছত ভাৰতত মূৰ্খৰ বিষয়ে মোৰ হিচাপ ৯০ শতাংশৰ পৰা ৯৫ শতাংশলৈ বৃদ্ধি পাইছে।’

এগৰাকী প্ৰতিষ্ঠিত আইনজীৱীয়ে কৰা এনেধৰণৰ মন্তব্যক লৈও এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।