পাছপ’ৰ্ট, ভীছা অবিহনে বিদেশ ভ্ৰমণৰ সুযােগ! আজিৰে পৰা ভাৰতীয়সকলৰ বাবে খােল খালে ভূটানৰ প্ৰৱেশ দ্বাৰ…

আজিৰে পৰা ভূটানলৈ যাব পাৰিব ভাৰতীয় পৰ্যটক!

২৩ ছেপ্তেম্বৰ অৰ্থাৎ আজিৰে পৰা পুনৰ ভাৰতীয়ৰ বাবে মুকলি হ’ব ভাৰতৰ প্ৰবেশদ্বাৰ।

সূদীৰ্ঘ আঢ়ৈ বছৰৰ বিৰতিৰ পিছত পুনৰ পৰ্যটকৰ বাবে মুকলি হ’ব ভূটান।

জানিব পৰা অনুসৰি, ৰাজ্যখনত ক’ভিড-১৯ৰ সংক্ৰমণ কমাৰ বাবে আজি ভাৰত-ভূটান সীমান্ত মুকলি কৰি দিয়ে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে।

হিমালয় ৰাজ্যৰ গৃহ আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সঞ্চালক তাছি পেঞ্জোৰে জনোৱা অনুসৰি পৰ্যটকসকলক সকলোখিনি সুবিধা প্ৰদান কৰিবলৈ সাজু হৈছে ভূটান চৰকাৰ।

image 171
পাছপ’ৰ্ট, ভীছা অবিহনে বিদেশ ভ্ৰমণৰ সুযােগ! আজিৰে পৰা ভাৰতীয়সকলৰ বাবে খােল খালে ভূটানৰ প্ৰৱেশ দ্বাৰ... 2

পাছপ’ৰ্ট, ভীছা অবিহনে ভূটান ভৰ্মণ কৰিব পাৰিব ভাৰতীয় পৰ্যটকসকলে।

ভ্ৰমণৰ সময়ত পৰ্যটকসকলক ভোটাৰ পৰিচয় পত্ৰ আৰু অন্যান্য প্ৰাসংগিক নথি-পত্ৰ লগত আনিবলৈ আহ্বান জনাইছে কতৃপক্ষয়ে। আনহাতে ১৮ বছৰৰ তলৰ লোকৰ বাবে জন্ম প্ৰমাণ পত্ৰ লগত নিবলৈ ভূটাৰ চৰকাৰে আহ্বান জনাইছে।

মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, ফুয়েনশ্বলিং আৰু পাৰোৰ উপৰিও পৰ্যটকৰ বাবে অতিৰিক্ত তিনিটা প্ৰৱেশ গেট সংযোজন কৰিছে। ভূটানলৈ যোৱা পৰ্যটকৰ পৰা এটা উন্নয়ন পুঁজি (এছডিএফ) লোৱা হ’ব, যিটো পৰিৱেশ সংৰক্ষণৰ উপৰিও সেৱা আৰু আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ব্যয় কৰা হ’ব।