আন্তঃৰাষ্ট্ৰীয়অসমীয়া

পাকিস্তানৰ ১২৪ কিমি ভিতৰত ফুটিল ভাৰতৰ চুপাৰচ’নিক মিছাইল…

নিউজ ডেস্ক। পাকিস্তানৰ সীমাৰ ১২৪ কিমি ভিতৰত ফুটিল ভাৰতৰ চুপাৰচ’নিক মিছাইল।

যােৱা ৯ মাৰ্চত সংঘটিত হয় এই ঘটনা।

অৱশ্যে শুকুৰবাৰেহে এই সন্দৰ্ভত স্পষ্টীকৰণ প্ৰকাশ কৰে ভাৰত চৰকাৰে।

এই মিছাইল বিস্ফােৰণৰ ঘটনাক লৈ পাকিস্তানত হাহাকাৰ লাগে যদিও প্ৰকৃততে ভাৰতৰ পৰা সামৰিক অভিযানৰ উদ্দেশ্যে এই মিছাইল নিক্ষেপ কৰা হােৱা নাছিল বুলি স্পষ্ট কৰি দিছে ভাৰত চৰকাৰে।

622b4d2a59131

কাৰিকৰী বিজুতিৰ বাবেহে সংঘটিত হয় এক ভয়ংকৰ ঘটনা।

বিজুতিৰ ফলতহে ভাৰতৰ চুপাৰচনিক মিছাইল বিস্ফােৰিত হ’ল পাকিস্তানৰ ভিতৰত।

এই অনাকাংক্ষিত ঘটনাৰ বাবে দুখ প্ৰকাশ কৰিছে ভাৰত চৰকাৰে।

FNas6nGWQAEH8cl

প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কোনো লােকৰ প্ৰাণহানি হোৱা নাই।

ইতিমধ্যে এই ঘটনাৰ বাবে উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ভাৰত চৰকাৰে।

যােৱা ৯ মাৰ্চত মিচাইলৰ নিয়মীয়া পৰীক্ষাৰ সময়ত এটা কাৰিকৰী বিজুতিৰ ফলত এই মিছাইল নিক্ষেপ হৈছিল বুলি চৰকাৰী বিবৃতিত প্ৰকাশ।

লগতে চাওকঃ

উদ্ধাৰ অভিযানৰ সময়তে সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ মেজৰ

G2 17

Leave a Reply

Your email address will not be published. Required fields are marked *