আন্তঃৰাষ্ট্ৰীয়অসমীয়া

পাকিস্তানৰ কাৰাচীত অৱতৰণ দিল্লীৰ পৰা উৰা মৰা যাত্ৰীবাহী বিমানৰ, তদন্তৰ নিৰ্দেশ

নিউজ ডেস্ক। নতুন দিল্লীৰ পৰা দােহালৈ বুলি উৰা মৰা কাটাৰ এয়াৰৱেজৰ বিমানত পাকিস্তানৰ কাৰাচী বিমানবন্দৰত জৰুৰী অৱতৰণ।

জানিব পৰা মতে, শতাধিক যাত্ৰীসহ সােমবাৰে পুৱতি নিশা ৩.৫੦ বজাত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা দােহালৈ উৰা মাৰিছিল কাটাৰ এয়াৰৱেজৰ কিউআৰ৫৭৯ বিমানখনে।

কিন্তু উৰণৰ কিছু সময় পাছতে পুৱা ৫.৩੦ বজাত বিমানখনে কাৰাচী বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে।

G3 22

এয়াৰলাইন কৰ্তৃপক্ষৰ মতে ঘটনাটোৰ বৰ্তমান তদন্ত চলি আছে আৰু যাত্ৰীসকলক দোহালৈ নিয়াৰ বাবে বিকল্প বিমানৰ ব্যৱস্থা কৰা হৈছে।

জানিব পৰা মতে, উৰণৰ পাছতে বিমানখনৰ কাৰ্গো হোল্ডত ধোঁৱাৰ উপস্থিতি ধৰা পৰাৰ বাবেই জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল।

বিমানখন কাৰাচীত সুৰক্ষিতভাৱে অৱতৰণ কৰে।

কাৰাচী বিমানবন্দৰত সুৰক্ষিতভাৱে সকলাে যাত্ৰীয়ে অৱতৰণ কৰে।

বিমান পৰিবহন সংস্থা টোৱে এই অনাকাংক্ষিত ঘটনাৰ বাবে ক্ষমা বিচাৰিছে।

লগতে চাওকঃ

ভয়ংকৰ বিমান দুৰ্ঘটনা! পাহাৰত খুন্দিয়ই জ্বলি ছাৰখাৰ হ’ল ১৩৩ যাত্ৰী কঢ়িয়াই নিয়া ব’য়িং ৭৩৭ বিমান…

317

Leave a Reply

Your email address will not be published. Required fields are marked *