পাকিস্তানত প্ৰশিক্ষণপ্ৰাপ্ত ৬ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ, কূটাঘাতৰ পৰিকল্পনা ব্যৰ্থ

নিউজ ডেস্ক। দিল্লী আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষীৰ স্পেচিয়েল চেলে (বিশেষ কোষ) গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দেশত ধাৰাবাহিক কূটাঘাটৰ ভয়ংকৰ পৰিকল্পনা কৰা ছয়জন সন্ত্ৰাসবাদীক। যিকেইজনে পাক চোৰাংচোৱা সংস্থা আইএছআইৰ দ্বাৰা পৰিচালিত।

ইয়াৰে দুজন সন্ত্ৰাসবাদী অলপতে প্ৰশিক্ষণ লৈ পাকিস্তানৰ পৰা উভতি অহা বুলি জানিব পৰা যায়।

সন্ত্ৰাসবাদী কেইটাই দিল্লী, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশত কূটাঘাট সংঘটিত কৰা ষড়যন্ত্ৰ কৰিছিল বুলি তথ্য লাভ কৰে আৰক্ষীয়ে।

G6

খবৰ অনুসৰি, সন্ত্ৰাসবাদীৰ পৰিকল্পনা উন্মোচন হোৱাৰ লগে লগে পাক চোৰাংচোৱা সংস্থা আইএছআই আৰু আণ্ডাৰৱৰ্ল্ডৰ মাজৰ সম্পৰ্ক পোহৰলৈ আহিছে। আইএছআইয়ে আণ্ডাৰৱৰ্ল্ডৰ সৈতে দেশত কূটাঘাট সংঘটিত কৰাৰ বাবে এক পৰিকল্পনা তথা নতুন ৰণনীতি গ্ৰহণ কৰিছে। এই দলৰ এটা গোটে নৱৰাত্ৰি আৰু ৰামলীলাৰ সময়ত জনবহুল স্থানত বোমা বিস্ফোৰণ সংঘটিত কৰা আৰু সেই সেই ঠাইসমূহ চিনাক্ত কৰাৰ বাবে কুচকাৱাজ অব্যাহত ৰাখিছিল।

জানিব পৰা মতে, এই ভয়ংকৰ কূটাঘাট সংঘটিত কৰিবলৈ পাকিস্তানত থকা আণ্ডাৰৱৰ্ল্ড ডাউদ ইব্ৰাহিম আৰু তেওঁৰ ভাতৃয়ে ভাৰতলৈ অস্ত্ৰ-শস্ত্ৰ বিতৰণ আৰু পুঁজি যোগানৰ ব্যৱস্থা কৰিছিল। সেই অনুসৰি আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ এলাহাবাদৰ পৰা বিস্ফোৰক, অস্ত্ৰ-শস্ত্ৰ আৰু বোমাবাৰুদ উদ্ধাৰ কৰে।

দিল্লী আৰক্ষীৰ বিশেষ আৰক্ষী আয়ুক্ত (বিশেষ কোষ) নীৰজ ঠাকুৰে কয় যে, “কেন্দ্ৰীয় সংস্থাসমূহৰ পৰা এই সন্দৰ্ভত ইনপুট পোৱা গৈছিল যে পাক অনুপ্ৰেৰিত আৰু পৃষ্ঠপোষকতা কৰা এটা দলে ভাৰতত ধাৰাবাহিক আইইডি বিস্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনা কৰি আছে। বোমা বিস্ফোৰণৰ বাবে সীমান্তৰ সিপাৰৰ পৰা প্ৰস্তুতি চলি আছে। লগতে দেখা গৈছে যে সন্ত্ৰাসবাদীৰ এই মডিউলৰ নেটৱৰ্ক দিল্লী, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰকে ধৰি দেশৰ কেইবাটাও ঠাইত বিয়পি আছে। এই তথ্যবোৰৰ প্ৰতি লক্ষ্য ৰাখি এচিপি ললিত মোহন নেগী আৰু হৃদয় ভূষণৰ তত্বাৱধানত ইন্সপেক্টৰ সুনিজ ৰজিন, ইন্সপেক্টৰ ৰবীন্দ্ৰ যোশী আৰু বিনয় পালৰ এটা বিশেষ দল গঠন কৰা হয়। সেই অনুসৰি মংগল বাৰে দেশৰ কেইবাটাও ঠাইত একেলগে অনুসন্ধান অভিযান চলোৱা হৈছিল। মহাৰাষ্ট্ৰৰ মুম্বাই আৰু উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ, প্ৰয়াগৰাজ, ৰায়-বৰেলী, প্ৰতাপগড় আদিলৈ কেইবাটাও দল একেলগে প্ৰেৰণ কৰা হৈছিল। আৰু কাৰিকৰী প্ৰক্ৰিয়াৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি বিভিন্ন ৰাজ্যত একেলগে অভিযান চলোৱা হৈছিল।”

E-QCRjm-Xo-AE46l-T

তেওঁ লগতে কয় যে, “প্ৰথমে আণ্ডাৰৱৰ্ল্ডৰ সৈতে সম্পৰ্কিত মহাৰাষ্ট্ৰৰ মুম্বাইৰ বাসিন্দা জান মহম্মদ শ্বেখ ওৰফে সমীৰ কালিয়াক (৪৭) ৰাজস্থানৰ কোটাৰ ওচৰত গ্ৰেপ্তাৰ কৰা হয়। জান মহম্মদ দিল্লীলৈ আহি আছিল। ওখলা জামিয়া নগৰৰ বাসিন্দা ওছামা ওৰফে চামি (২২)ক দিল্লীৰ ওখলাৰ পৰা আটক কৰা হয়। পৰৱৰ্তী সময়ত বাহৰাইচয়াপুৰ বাসিন্দা মহম্মদ আবু বকৰ (২৩)ক উত্তৰ প্ৰদেশৰ এলাহাবাদ, বাক্সিকা, কাইলে, জিশান কামাৰ (২৮) ক লক্ষ্ণৌ আৰু উত্তৰ প্ৰদেশৰ বাসিন্দা মহম্মদ আমিৰ জাভেদ (৩১) আৰু মুলচান্দ ওৰফে চাজু লালা (৪৭) ক ৰায়বৰেলীৰ পৰা আটক কৰা হয়।”

উল্লেখ্য যে ওছামা আৰু জিশানে যোৱা এপ্ৰিলত প্ৰশিক্ষণৰ বাবে পাকিস্তানলৈ গৈছিল। তেওঁলোকে বিস্ফোৰক তৈয়াৰ কৰিবলৈ শিকিছিল। দিল্লী আৰক্ষীয়ে সকলো সন্ত্ৰাসবাদীক ১৪ দিনৰ আৰক্ষী জিম্মাত প্ৰেৰণ কৰে।

Leave a Comment