নিউজ ডেস্ক। পুনৰ এক জঘন্য হত্যাকাণ্ডই কঁপাই গ’ল গুৱাহাটী মহানগৰী।
এইবাৰ ঘটনাৰ স্থান গুৱাহাটীৰ পল্টন বজাৰত থকা ৰে’লৱে কলনি।
বৃহস্পতিবাৰে পল্টন বজাৰৰ কালিবাৰীৰ ৰে’লৱে কলনিৰ আবাসৰ পৰা উদ্ধাৰ কৰা হয় এজন পুৰােহিতৰ মৃতদেহ।
মৃত পুৰােহিতজনৰ নাম নাৰায়ণ চক্ৰৱৰ্তী। চক্ৰৱৰ্তী স্থানীয় কালিবাৰী কালী মন্দিৰৰ পুৰোহিত আছিল।
জানিব পৰা মতে, চক্ৰৱৰ্তীক কোৱাৰ্টাৰটােৰ চোৱাচিতা কৰাৰ দায়িত্ব দি কােৱাৰ্টৰটােৰ ধাৰক তথা ৰে’ল কৰ্মচাৰী সঞ্জীব চৌধুৰী ষট্ পূজাৰ বাবে গৃহ চহৰ ধুবুৰীলৈ গৈছিল।
পুৰােহিতজনৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও তেওঁৰ শৰীৰত আঘাতৰ স্পষ্ট চিহ্ন আছিল।
আৰক্ষীয়ে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।









