ৰাষ্ট্ৰীয়অসমীয়া

পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাইকেলিষ্ট শ্বাহনাজ পাৰবীনৰ

এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাইকেলিষ্ট শ্বাহনাজ পাৰবীন।

বুধবাৰে ৰাজস্থানৰ ঝালাৱাৰ জিলাৰ ৫২নং ৰাষ্ট্ৰীয় ঘাইপথত চাইকেল চলাই থাকোতে মহিলা চেম্পিয়ন চাইকেলিষ্ট খুন্দা মাৰে এখন দ্ৰুতবেগী বাহনে। যাৰ ফলত ঘটনাস্থলীতে মৃত্যুবৰণ কৰে শ্বাহনাজ পাৰবীনে।

ইফালে স্থানীয় প্ৰত্যক্ষ দর্শীৰ মতে, দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে অচিনাক্ত বাহনখনে।

বৰ্তমান অভিজ্ঞ চাইকেলিষ্ট গৰাকীৰ নশ্বৰ দেহ জিলা চিকিৎসালয়ৰ শৱগৃহত ৰখা হৈছে।

জানিব পৰা মতে, চাইকেল আৰোহী শ্বাহনাজ পাৰবীনে পুৱা ৫২নং ৰাষ্ট্ৰীয় ঘাইপথত চাইকেলৰ অনুশীলন কৰি থকা সময়তে কেজিএন মহাবিদ্যালয়ৰ সন্মুখত এই দুৰ্ঘটনা সংঘটিত হয়।

উল্লেখ্য যে, শ্বাহনাজ পাৰবীনে ইণ্ডিয়ান চাইকেলিষ্ট সংস্থাৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাত ১৮৬০ কিলোমিটাৰ চাইকেল চলাই আৰু ৩৬৯ কিলোমিটাৰ দৌৰি প্ৰথম স্থান লাভ কৰিছিল। যাৰ পিছত শ্বাহনাজ পাৰবীনক এই সাফল্যৰ বাবে কোটাত সন্মানিত কৰা হৈছিল।

দুৰ্ঘটনাটোত তেওঁৰ মৃত্যুৰ পিছত জিলাখনত শোকৰ পৰিৱেশ সৃষ্টি হৈছে।

লগতে চাওকঃ

ইঞ্চুৰেঞ্চ ফেইল, বিনা হেলমেটে বাইকত যাত্ৰা খোদ আৰক্ষীৰ! তাৰ পাছত ঘটিল এই ঘটনা….

মণিপুৰত ভয়ংকৰ IED বিস্ফোৰণ, শ্বহীদ অসম ৰাইফলছৰ জোৱান

Leave a Reply

Your email address will not be published. Required fields are marked *