নৱবৰ্ষৰ প্ৰাকক্ষণত অসমলৈ এক ভাল খবৰ।
কেন্দ্ৰীয় চৰকাৰে আগবঢ়ালে কেইবা কোটি টকা।
কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ পৰা বানপানী, ঘূৰ্ণীবতাহ আৰু ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা ক্ষতিগ্ৰস্ত ছয়খন ৰাজ্যলৈ অতিৰিক্ত ৩০৬৩ কোটি টকা মুকলি কৰিছে।
গৃহ মন্ত্ৰীৰ নেতৃত্বত উচ্চ পৰ্যায়ৰ সমিতিয়ে বিত্তীয় সাহায্যত অনুমোদন জনায়।
গৃহ মন্ত্ৰালয়ৰ মতে, অনুমোদিত পুঁজিৰ ভিতৰত, টাউটে প্ৰভাৱিত গুজৰাটক ১,১৩৩.৩৫ কোটি টকা আৰু য়াছ প্ৰভাৱিত পশ্চিম বংগক ৫৮৬.৫৯ কোটি টকা প্ৰদান কৰিছে।
আনহাতে বানপীড়িত অসমক ৫১.৫৩ কোটি টকা প্ৰদান কৰা হৈছে।
ইফালে কৰ্ণাটক, মধ্য প্ৰদেশ আৰু উত্তৰাখণ্ডলৈ ক্ৰমান্বয়ে ৫০৪.০৬, ৫০০.৫০ আৰু ১৮৭.১৮ কোটি টকা প্ৰদান কৰা হৈছে।
উল্লেখ্য যে এই আৰ্থিক সাহায্য এছ ডি আৰ এফৰ অধীনত দিয়া সাহায্যতকৈ পৃথক।









