নৱবৰ্ষৰ পহিলা দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল, কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা…

নৱবৰ্ষৰ পহিলা দিনটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

অসম চৰকাৰৰ তৰফৰ পৰা অসমবাসীক শুভেচ্ছা মুখ্যমন্ত্রী শৰ্মাৰ।

নতুন বছৰটো শক্তিশালী অসম হোৱাৰ কামনাৰে সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

সংবাদমেলত উপস্থিত আছে বিভিন্ন সংবাদ গোষ্ঠীৰ সম্পাদক, সাংবাদিক।

তেওঁ কয়, দ্বিতীয়বাৰৰ বাবে মিত্রজোঁটৰ চৰকাৰ হৈছে। প্রথমবাৰলৈ অকংগ্রেছী চৰকাৰ হৈছে।

বহুদিনৰ মূৰত উত্তৰ-পূবৰ পৰা এগৰাকী কেবিনেট মন্ত্রী পালে অসমে। ৰাজনৈতিক ক্ষেত্রখনৰ কাৰণে এয়া গুৰুত্বপূৰ্ণ ঘটনা।

বিনয় শইকীয়া, লাভলীনা বৰগোঁহাইয়ে বেলেগ পৰ্যালয়ৈ লৈ গ’ল অসমক। বিজ্ঞান, সাহিত্যৰ দিশৰ পৰা অসমৰ বাবে গুৰুত্বপূৰ্ণ বছৰ।

২০২১ বৰ্ষৰটো আমাৰ বাবে বেদনাৰ বৰ্ষও আছিল। কোভিডে আমাৰ মাজৰ পৰা বহু প্রতিভা, আপোন মানুহক লৈ গ’ল।

লগতে তেওঁ কয়- ৩১ ডিচেম্বৰৰ দিনটোত এটাও পথ দুৰ্ঘটনা হোৱা নাই। দায়িত্ব লোৱাৰ পিছৰে পৰা জিডিপি দ্রুতগতিত আগবাঢ়িছে।

সকলো সশস্ত্র সংগঠন মূল সূঁতিলৈ উভতি অহাটো আমাৰ বাবে ভাল লক্ষণ। চিভিল চছাইটি অফ ট্ৰাইবেল পিপ’লে এইক্ষত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।

৩১খন কেবিনেট বৈঠক হ’ল ৮০০ সিদ্ধান্ত লোৱা হৈছে। বসুন্ধৰাৰ জৰিয়তে ৮ লাখ আবেদন আহিছিল।

মিছন বসুন্ধৰাৰ জৰিয়তে ১লাখ ৮০হাজাৰ সমস্যা নিষ্পত্তি কৰা হৈছে।

ডি টি অ’ অফিচলৈ নোযোৱাকৈয়ে সকলো কাম কৰা হ’ব। ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণকৈ অনলাইন হ’ব পৰিবহণ বিভাগ।

এতিয়াৰ পৰা মহাবিদ্যালয়সমূহত নামভৰ্তি প্ৰক্ৰিয়া অনলাইন পদ্ধতিৰে হ’ব।

নামভৰ্তি প্ৰক্ৰিয়া অনলাইন হোৱাৰ লগতে তেওঁ কয় যে অহা তিনি বছৰৰ ভিতৰত প্ৰতিটো চৰকাৰী প্ৰক্ৰিয়া অনলাইন কৰা হ’ব।

মুখ্যমন্ত্ৰীয়ে কয় যে, বৰ্তমান ২৫০০ খন প্ৰাথমিক বিদ্যালয় নিৰ্মাণৰ কাম চলি আছে।

তেওঁ লগতে কয়, ‘আদৰ্শ মহাবিদ্যালয়, চিকিৎসালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণৰ কামো চলি আছে’।

অসম চৰকাৰে উন্নয়নমূলক কামৰ বাবে ২০ হাজাৰ কোটি টকাৰ মূলধন বিনিয়োগ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জানিব দিয়ে।

ইয়াৰ উপৰি আগন্তুক দিনত অসমৰ ১০ লাখ দুখীয়া পৰিয়ালে পকী ঘৰ নিৰ্মাণৰ নামত চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য লাভ কৰিব বুলিও কয়।

Leave a Comment