নিউজ ডেস্কঃ আকৌ চৰ্চাত বিধায়ক ৰূপজ্যোতি কুৰ্মী। কেতিয়াবা যদি হাঁহি, কেতিয়াবা আকৌ মুখৰ অদ্ভূত ভংগীমাৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে বিধায়কজনে। সেইদৰে এইবাৰো বিশেষ ভংগীমাত বিধায়ক অখিল গগৈক সমালোচনা কৰি চৰ্চিত হৈছে ৰূপজ্যেতি কুৰ্মী।
দৰাচলতে সোমবাৰে এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক কাঠৰ মুঢ়াৰ সৈতে তুলনা কৰিছিল বিধায়ক অখিল গগৈয়ে। তেওঁ জনজাতীয় নহয় বুলিও দাবী কৰিছিল অখিল গগৈয়ে।
অৱশ্যে ইয়াৰ পিছতে সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পিছত মঙলবাৰে তেওঁ ব্যৱহাৰ কৰা শব্দ উঠাই লৈ ক্ষমা বিচাৰে অখিল গগৈয়ে।
কিন্তু তাৰ পিছতো ক্ষান্ত হোৱা নাই মৰিয়নীৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী। অখিল গগৈক পুনৰ এবাৰ চাহ জনগোষ্ঠীয় এলেকা আৰু জনজাতীয় এলেকাত প্ৰৱেশ নিষিদ্ধ কৰাৰ দাবী জনাই ‘বিশেষ ষ্টাইল’ৰে সমালোচনাত সৰৱ হৈ পৰে ৰূপজ্যোতি কুৰ্মী।
অখিল গগৈয়ে ৰাজনীতিৰ স্বাৰ্থত ক্ষমা বিচাৰিলেই ক্ষমা কৰি দিয়া নহ’ব বুলি মন্তব্য কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয় যে অখিল গগৈয়ে এগৰাকী মাতৃক অপমান কৰিছে, এগৰাকী জনজাতীয় মহিলাক অপমান কৰিছে। সেয়েহে তেওঁক জনজাতীয় গাঁওসমূহত প্ৰৱেশ নিষিদ্ধ কৰিব লাগ।
এগৰাকী জনজাতীয় মহিলাক অপমান কৰা কাৰ্য কেতিয়াও সহ্য হব নোৱাৰে নোৱাৰে নোৱাৰে বুলি মন্তব্য কৰি বিশেষ ভংগীমাত সৰৱ হৈ পৰে বিধায়ক ৰূপজ্যোতি কুৰ্মী।









