নৃশংস! প্ৰেমিক আৰু বন্ধুৰ সৈতে মিলি নিজৰ স্বামী, শাহুৱেককে হত্যা কৰিলে বন্দনা কলিতাই, মৃতদেহ টুকুৰা টুকুৰকৈ কাটি পেলাই দিলে মেঘালয়ৰ দ খাৱৈত…

নিউজ ডেস্কঃ পৰকীয়া প্ৰেম আৰু সম্পত্তিৰ লালসাৰ বাবে দুটাকৈ নৃশংস হত্যাকাণ্ড সংঘটিত কৰিলে এগৰাকী মহিলাই।

বিগত বৰ্ষৰ জুলাই-আগষ্টত সংঘটিত এই হত্যাকাণ্ডৰ কথা এতিয়া পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

নিজৰেই স্বামী আৰু শাহুৱেকক নৃশংসভাৱে হত্যা কৰি মেঘালয়ৰ দ খাৱৈত পেলাই থৈ আহে বন্দনা কলিতা নামৰ মহিলাগৰাকীয়ে।

মহানগৰীৰ নাৰেংগীৰ নিৱাসী মহিলাগৰাকীয়ে আৰক্ষীৰ জেৰাত এই হত্যাকাণ্ডৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে।

অন্যহাতে এই হত্যাকাণ্ডৰ সৈতে জড়িত বন্দনাৰ প্ৰেমিক ধনজিত ডেকা আৰু অৰূপ দাস নামৰ দুজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

image 77
অভিযুক্ত অৰূপ দাস আৰু ধনজিত ডেকা

দৰাচলতে ধনজিত দাসৰ সৈতে থকা পৰকীয়া প্ৰেমৰ সম্পৰ্কে জানিব পাৰিছিল বন্দনা কলিতাৰ স্বামী অমৰজ্যোতি দে’য়ে।

ইয়াকে লৈ দুয়োৰে মাজত প্ৰায়ে সংঘটিত হৈছিল কাজিয়া।

আনহাতে শাহুৱেক শংকৰী দে’ৰ নামত চানমাৰিত থকা ৫ অট্টালিকাৰ ভাড়া সংগ্ৰহক লৈও হৈছিল কাজিয়া।

অট্টালিকা কেইটাৰ এটাত শংকৰী দে’ অকলে থকাৰ বিপৰীতে আন ৪টাৰ ভাড়া সংগ্ৰহ কৰিছিল শংকৰী দে’ৰ ভাতৃয়ে।

image 78
নৃশংস! প্ৰেমিক আৰু বন্ধুৰ সৈতে মিলি নিজৰ স্বামী, শাহুৱেককে হত্যা কৰিলে বন্দনা কলিতাই, মৃতদেহ টুকুৰা টুকুৰকৈ কাটি পেলাই দিলে মেঘালয়ৰ দ খাৱৈত… 4

এনে কাৰণতে সংঘটিত হৈ অহা কাজিয়াৰ পৰিণতিত প্ৰথমে শাহুৱেক শংকৰী দে’ক নৃশংসভাৱে হত্যা কৰে বন্দনাই।

অৰূপ দাসৰ সহযোগত শাহুৱেকক হত্যা কৰি মৃতদেহ টুকুৰা টুকুৰকৈ কাটি তিনি দিন ধৰি ফ্ৰীজৰ ভিতৰত ভৰাই থয় পাশৱিক মনৰ বন্দনাই।

২০২২ৰ ২৬ জুলাইত এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰে বন্দনা আৰু অৰূপে।

ইয়াৰ পিছতে ১৬ আগষ্টত প্ৰেমিক ধনজিত ডেকাৰ সহযোগত মূৰত লোহাৰ ৰ’ডেৰে মৰিয়াই বন্দনাই হত্যা কৰে স্বামী অৰূপজ্যোতিক।

তাৰ পিছত তেওঁৰো মৃতদেহ টুকুৰা টুকুৰকৈ কাটি পলিথিনিৰে বান্ধি ধনজিত ডেকাৰ গাড়ীৰে নি মেঘালয়ৰ ডাউকিৰ সমীপত দ খাৱৈত পেলাই থৈ আহে।

image 79
হত্যাৰ অভিযুক্ত অৰূপ দাস

দুটাকৈ হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত নিজেই স্বামী আৰু শাহুৱেকৰ নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল বন্দনাই।

আনহাতে স্বামীক নৃশংসভাৱে হত্যা কৰিৰ পিছদিনাই ঘৰত আয়োজন কৰিছিল সত্য নাৰায়ণ পূজাৰো।

কিন্তু আৰক্ষীৰ সুক্ষ্ম তদন্তৰ পৰা সাৰি নগ’ল হত্যাকাৰী বন্দনা।

যাৰ বাবে আৰক্ষীয়ে আটক কৰি জেৰা চলোৱাত অৱশেষত নিজ মুখে দুয়োটা হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে হত্যাকাৰীয়ে।

অন্যহাতে আৰক্ষীয়ে তিনিচুকীয়াৰ পৰা গ্ৰেপ্তাৰ কৰে বন্দনাৰ প্ৰেমিক ধনজিত ডেকাকো।

একে সময়তে গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হয় অৰূপ দাস নামৰ অভিযুক্ত জনকো।

জানিব পৰা মতে, হত্যাৰ অভিযুক্ত অৰূপ দাস বিজেপিৰ কৰ্মী।

ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰীক লগত লৈ চলোৱা অভিযানত মেঘালয়ৰ খাৱৈৰ পৰা উদ্ধাৰ কৰিছে মৃতদেহৰ অৱশিষ্ট।

এই হত্যাকাণ্ডই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰীত।