নিৰ্লজ্জ কাণ্ড! নিশা হ’লেই ছাত্ৰীক অশালীন মেচেজ দিয়ে সৌৰভ ছাৰে, উত্তপ্ত পৰিস্থিতি…

পুনৰ শিক্ষকৰ নামৰ পবিত্ৰ বৃত্তিটোক লজ্জানক কৰিলে এগৰাকী শিক্ষকে।

এইবাৰ ছাত্ৰীক অশালীন মেচেজ প্ৰদান কৰাৰ অভিযোগ এগৰাকী শিক্ষকৰ বিৰুদ্ধে।

দুধনৈৰ বাখ্ৰাখুঁটি থকা ছেইণ্ট পিটাৰ্ছ নেচনেল একাডেমীৰ এজন শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ।

ছাত্ৰীক WhatsAppত অশালীন মেছেজ আৰু ফটো প্ৰেৰণৰ অভিযোগ কৰা হৈছে শিক্ষকজনৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি, বিদ্যালয়খনৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক WhatsAppত নিশা অশালীন মেছেজ আৰু ফটো প্ৰেৰণ কৰে সৌৰভ ওজা নামৰ উত্তৰ প্ৰদেশৰ শিক্ষকজনে। আনকি বিনামূলীয়াকৈ টিউচন লোৱাৰ সুযোগো প্ৰদান কৰে ছাত্ৰীগৰাকী।

অশালীন ইংগিতেৰে ছাত্ৰীগৰাকীক লাইব্ৰেৰীলৈ মাতি পঠিওৱাৰ অভিযোগো উত্থাপিত কৰা হৈছে শিক্ষকজনৰ বিৰুদ্ধে।

অৱশেষত এই সকলো কথা পিতৃ–মাতৃক অৱগত কৰে ছাত্ৰীগৰাকীয়ে।

তাৰ পিছতে অভিভাকে স্কুল কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰে যদিও বিদ্যালয় কৰ্তৃপক্ষই শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি একাংশ অভিভাৱকে বিদ্যালয়খনত উপস্থিত হৈ শিক্ষকজনক বিচাৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।