নিৰ্মম! ২০ বৰ্ষীয় ঘৰুৱা সহায়িকাক লিফ্টৰ ভিতৰতে পাশৱিক অত্যাচাৰ আঢ্যবন্ত মালিকনীৰ, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে গ্ৰেপ্তাৰ…

নিউজ ডেস্কঃ এগৰাকী ঘৰুৱা সহায়িকাক লিফ্টৰ ভিতৰত নিৰ্মমভাৱে আক্ৰমণ কৰা এগৰাকী মহিলাক অৱশেষত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

এই ঘটনাৰ চিচি টিভি ফুটেজ ভাইৰেল হৈ পৰাৰ পিছতে সন্ধানহীন হৈ আছিল অভিযুক্ত মহিলাগৰাকী।

কিন্তু আৰক্ষীয়ে ত্বৰিৎ অনুসন্ধান চলাই অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় শ্বেফালী কৌল নামৰ অভিযুক্ত মহিলাগৰাকীক।

উল্লেখ্য যে, নয়ডাৰ ছেক্টৰ ১২০ৰ ক্লিঅ’ কাউণ্টি ছ’চাইটিৰ বাসিন্দা শ্বেফালী কৌলে তেওঁৰ ঘৰৰ ২০ বৰ্ষীয় ঘৰুৱা সহায়িকাক লিফ্টৰ ভিতৰতে প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল।

ভুক্তভোগী যুৱতীগৰাকীয়ে জানিবলৈ দিয়া মতে, তেওঁক প্ৰায়ে শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল শ্বেফালী কৌলে। কাম এৰাৰ কথা ক’লেই প্ৰাণে মৰাৰো ভাবুকি দিছিল।

অনিতাই কয়, ‘মই মিঠাই খোৱা বাবেই তেওঁ মোক চেণ্ডেলেৰে কোবাইছিল। আনকি মোৰ গাত জুই লগাই ছাদৰ পৰা পেলাই দিয়াৰো ভাবুকি দিছিল।’

মালিকনীৰ এনে শাৰীৰিত অত্যাচাৰৰ বলি হোৱা অনিতাই শৰীৰৰ বহুত ঠাইত আঘাত পোৱাত তেওঁক বৰ্তমান হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

ইফালে অনিতাৰ পিতৃয়ে জানিবলৈ দিয়া মতে, শ্বেফালী কৌলৰ ঘৰত কাম কৰিবলৈ ৬ মাহৰ বাবে চুক্তিবদ্ধ হৈছিল অনিতা। কিন্তু চলিত বৰ্ষৰ ৩১ অক্টোবৰত এই চুক্তিৰ অন্ত পৰাৰ পিছতো জোৰ কৰি কামত নিয়োজিত কৰি ৰাখিছিল শ্বেফালীয়ে।

ঘটনাক লৈ চাঞ্চল্য অব্যাহত থকাৰ সময়তে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।