নিৰ্বাচনকেন্দ্ৰিক ব্যস্ততাৰ বাবে এইবাৰ গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ ওপৰত গুৰুত্ব দিব নোৱাৰিলে চৰকাৰেঃ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য

নিউজ ডেস্ক। এজাক বৰষুণৰ পিছতে সাগৰত পৰিণত হৈছে গুৱাহাটী মহানগৰ!

ৰাজপথত সৃষ্টি হোৱা কৃত্ৰিম বানে সম্পূৰ্ণৰূপে স্তব্ধ কৰি তুলিছে মহানগৰীৰ ব্যস্ত জনজীৱন।

কৃত্ৰিম বান সমস্যা ৰোধৰ বাবে চৰকাৰে দিয়া হাজাৰ হাজাৰ প্ৰতিশ্ৰুতিক এক অসাৰ প্ৰতিপন্ন কৰি যোৱা দদিন ধৰি বিপন্ন হৈ পৰিছে মহানগৰবাসীৰ জীৱন যাত্ৰা।

image 128
নিৰ্বাচনকেন্দ্ৰিক ব্যস্ততাৰ বাবে এইবাৰ গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ ওপৰত গুৰুত্ব দিব নোৱাৰিলে চৰকাৰেঃ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য 3

ৰাজপথত এতিয়া বিলাসী বাহনৰ বিপৰীতে অনিচ্ছাকৃত নৌকা বিহাৰ কৰিবলগীয়া হৈছে সাধাৰণ জনতাই।

এনে পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি নিজ দলৰে চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি ব্যক্তি কৰিলে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

image 127
নিৰ্বাচনকেন্দ্ৰিক ব্যস্ততাৰ বাবে এইবাৰ গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ ওপৰত গুৰুত্ব দিব নোৱাৰিলে চৰকাৰেঃ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য 4

গুৱাহাটীৰ বান সমস্যা সমাধান কৰিবলৈ চলে চৰকাৰৰ সুপৰিল্পনাৰ প্ৰয়োজন বুলি কৈ তেওঁ লগতে কয় যে এইবাৰ নিৰ্বাচনকেন্দ্ৰিক ব্যস্ততাৰ বাবেই চৰকাৰে কৃত্ৰিম বান সমস্যা সামধানৰ ওপৰত গুৰুত্ব দিবলৈ সক্ষম নহল।

বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে জুলাই মাহত বৰষুণ হয়, কিন্তু জুলাই মাহতে নলা চাফা কৰিবলৈ গলে সমস্যাৰ সমাধান নহয়।

সময়োচিত ব্যৱস্থা ল’লেহে কৃত্ৰিম বানৰ সমস্যা দূৰ কৰিব পৰা যাব বুলি মন্তব্য কৰে ভট্টাচাৰ্যই।

আনহাতে মহানগৰীত চুপাৰ চাকাৰ কাৰ্যকৰী নহয় বুলিও মন্তব্য কৰে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই।