নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰিল শিলভৰ্তি ডাম্পাৰ, কথমপি প্ৰাণৰক্ষা তিনিজনৰ…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰিল শিলভৰ্তি ডাম্পাৰ।

এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে দুজন চালক হেণ্ডিমেনসহ তিনিজনৰ। 

ধুবুৰীৰ মটেৰঝাৰত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা।

গুৰুতৰভাৱে আহত তিনিওকে নিশাই  চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰৰ পৰা ধুবুৰী-কচুগাঁও পথেৰে ধুবুৰী সোণাহাট আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ অভিমুখে আহি আছিল শিলভৰ্তি ডাম্পাৰখন।

AS 17 C 5659 নম্বৰৰ শিলভৰ্তি ডাম্পাৰখন শ্ৰীৰাপুৰৰ পৰা ধুবুৰী-কচুগাঁও  ৰোডেৰে আহি থকাৰ সময়তে মটেৰঝাৰ বজাৰৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰি পৰে।

উক্ত ঘটনাত বিদ্যুৎ সংযোগ থকা বিদ্যুতৰ তাৰ চিঙি পুখুৰীত পৰে।

লগে লগে স্থানীয় লোকে বিকট শব্দ শুনি ঘটনাস্থলীত উপস্থিত হৈ তৎপৰতাৰে শক্তি বিভাগক দুৰ্ঘটনাৰ খবৰ দি বিদ্যুৎ সংযোগ কৰ্তন কৰি তিনিজনকে পুখুৰীৰ গভীৰ পানীৰ তলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, অধিক বোজা কঢ়িয়াই আনিছিল ডাম্পাৰখনে।

জানিব পৰামতে উক্ত পথটো যথেষ্ট ঠেক আছিল আৰু সেই ঠেক পথেৰে চালকে সুৰাপান কৰি বাহন চলোৱাৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰি পৰে বুলি জানিব পৰা গৈছে।