নিৰ্ধাৰিত সময়ত চাৰ্জশ্বীট দাখিলত ব্যৰ্থ, জামিন লাভ নিলম্বিত এ ডি চি চাইবুৰ ৰহমানৰ…

নিৰ্ধাৰিত ৯০ দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল নকৰাৰ বাবে জামিন পালে দুৰ্নীতিগ্ৰস্ত ACS চাইবৰ ৰহমানে।

মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে চাৰ্জশ্বিট দাখিল কৰাৰ দিনাই উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে চাইবৰ ৰহমানৰ৷

মুখ্য মন্ত্ৰীৰ তদাৰকী শাখাই আদালতত চাইবুৰ ৰহমানৰ বিৰুদ্ধে আজি ৯২ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল কৰিছিল যদিও আদালতে নিৰ্দিষ্ট সময়ৰ ভিতৰত উক্ত চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰা বাবেই ৰহমানক জামিন প্ৰদান কৰে।

ব্যাপক দুৰ্নীতিৰ অভিযোগত মুখ্য মন্ত্ৰীৰ তদাৰকী শাখাৰ জালত পৰিছিল চাইবুৰ ৰহমান।

ৰহমানৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪০৬/৪০৯ আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ ১৩(১)/২(চি) ধাৰাৰ অধীনত ১/২০২১ নম্বৰত গোচৰ ৰুজু  কৰা হৈছিল।

চাৰ্জশ্বিটত চাইবৰ ৰহমানৰ সম্পত্তিৰ তথ্য উল্লেখ কৰে আৰক্ষীয়ে৷ তদন্তত আৰক্ষীয়ে ১০৪টা স্থানত নামে–বেনামে মাটি–সম্পত্তিৰ তথ্য লাভ কৰিছে৷

চিএম ভিজিলেঞ্চে চাইবৰ ৰহমানৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু কৰিছিল৷

প্ৰথমটো গোচৰ আছিল আয়তকৈ অধিক সম্পত্তিৰ গোচৰ আৰু দ্বিতীয়টো গোচৰ গাঁওবুঢ়া নিযুক্তি কেলেংকাৰী৷

প্ৰথম গোচৰটোত আদালতে জামিন দিছে যদিও দ্বিতীয় গোচৰটোত আদালতে জামিনৰ সন্দৰ্ভত শুনানি গ্ৰহন কৰি আছে৷

আনহাতে চিএম ভিজিলেঞ্চৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতাই জামিন সন্দৰ্ভত মুখ খুলিব বিচৰা নাই যদিও চাৰ্জশ্বিট সময়মতে দিয়া বুলি দাবী কৰে৷

Leave a Comment