অসমীয়াঅসম

নিমিষতে ছাই হৈ পৰিল যোৰহটীয়াৰ আবেগসদৃশ চক বজাৰ! জুইৰ লেলিহান শিখাই ভষ্মীভূত কৰিলে ১৫০খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান…

নিউজ ডেস্কঃ কেৱল কেইখনমান দোকানেই নাছিল, সেয়া আছিল যোৰহটীয়াৰ এক আবেগৰ স্থল।

কিন্তু দাউদাউকৈ জ্বলি উঠা জুইৰ লেলিহান শিখাই নিমিষতে যেন ছাইলৈ পৰিণত কৰি পেলালে সেই আবেগ।

মুহূৰ্ততে জ্বলি ছাই হোৱা ১৫০ খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীলৈ এতিয়া নামি আহিছে কাল অমানিশা।

image 68

বৃহস্পতিবাৰে নিশা এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় যোৰহাটৰ চক বজাৰত।

বজাৰৰ মূল গেটৰ সমীপত থকা এখন কাপোৰৰ দোকানত সূত্ৰপাত হোৱা জুইয়ে নিমিষতে বেঢ়ি ধৰে গোটেই বজাৰখন।

যাৰ ফলত জ্বলি নিঃশেষ হৈ যায় ১৫০ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।

পিছত ঘটনাস্থলীত ২৫ খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ কেইবাঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত নিৰ্বাপন কৰে জুই।