অসম

নিমাতীঘাটৰ দুৰ্ঘটনাৰ পিছত তৎপৰ প্ৰশাসন, লাইফ জেকেট পিন্ধি চৰকাৰী ফেৰীত উঠিল যাত্ৰী…

নিমাতীঘাটৰ দুৰ্ঘটনাৰ পিছত তৎপৰ প্ৰশাসন।

নতুন নিয়মেৰে নিমাতীঘাটত আৰম্ভ হ’ল ফেৰী সেৱা।

বুধবাৰে মাজুলীত সংঘটিত হোৱা ভয়ংকৰ নাও দুৰ্ঘটনাৰ পিছত আজি অৰ্থাৎ শুক্ৰবাৰে লাইফ জেকেট পিন্ধি চৰকাৰী ফেৰীত উঠিল যাত্ৰী।

উল্লেখ্য যে, বুধবাৰে মাজুলীত সংঘটিত হোৱা ভয়ংকৰ নাও দুৰ্ঘটনাত পৰিমিতা দাস নামৰ এগৰাকী প্ৰবক্তাই প্ৰাণ হেৰুওৱাৰ লগতে দুজনকৈ লোক এতিয়াও নিৰুদ্দেশ হৈ আছে।

image 4

আনহাতে এই দুৰ্ঘটনাৰ পিছত লুইতৰ বুকুৰ পৰা প্ৰায় ৮৪ গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰা হয়।

এই নাও দুৰ্ঘটনাৰ পিছতেই মাজুলীক উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল।

বন্ধ কৰাৰ নিৰ্দেশ দিছিল একক ইঞ্জিন যুক্ত ফেৰী। তদুপৰি ব্যক্তিগত জাহাজৰ সলনি ৬ খনকৈ চৰকাৰী জাহাজ চলাৰ অনুমতি দিছিল।

লগতে লাইফ জেকেট পৰিধান নকৰাকৈ কোনো যাত্ৰীয়ে যাতে জাহাজত ভ্ৰমণ কৰিব নোৱাৰে তাৰ বাবে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *