ৰাষ্ট্ৰীয়অসমীয়া

নিজৰ ৭০ হাজাৰ টকীয়া স্কুটীৰ বাবে ১৫ লাখ টকাৰে ভিআইপি নম্বৰ ক্ৰয় গৰাকীৰ!

নিউজ ডেস্ক। নিজৰ ৭০ হাজাৰ টকীয়া হোণ্ডা এক্টিভা স্কুটীৰ বাবে ১৫.৪ লাখ টকা ব্যয়েৰে পৰিবহণ বিভাগৰ পৰা ভিআইপি নম্বৰ নিলামত ক্ৰয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে চণ্ডিগড়ৰ এজন লোকে।

ব্ৰীজ মোহন নামৰ ৪২ বছৰীয়া ব্যক্তিজনে ১৪-১৬ এপ্ৰিলত অনুষ্ঠিত হোৱা চণ্ডিগড় পঞ্জীয়ন আৰু লাইচেন্স কৰ্তৃপক্ষৰ নিলামত ১৫.৪ লাখ টকাত ক্ৰয় কৰে চিএইছ ০১ চিজে চিৰিজৰ এখন নম্বৰ প্লেট।

photo 2022 04 19 13 10 29

বিজ্ঞাপন উদ্যোগত কৰ্মৰত ব্ৰীজ মোহনে ক্ৰয় কৰা নম্বৰ প্লেটখন হৈছে- চিএইছ০১-চিজে-০০০১।

উল্লেখ্য যে, এই নিলামত ব্ৰীজ মোহনে সৰ্বাধিক মূল্যত চিএইছ০১-চিজে-০০০১ নম্বৰৰ পঞ্জীয়ন নম্বৰ ক্ৰয় কৰাৰ বিপৰীতে দ্বিতীয় সৰ্বাধিক ৫.৪ লাখ টকাত নিলাম হয় চিএইছ০১ চিজে ০০২ আৰু ৪.৪ লাখ টকাত নিলাম হয় চিএইছ০১ চিজে ০০৭ নম্বৰ প্লেট দুখন।

p4 7

এই নিলামত চণ্ডিগড় পঞ্জীয়ন আৰু লাইচেন্স কৰ্তৃপক্ষই মুঠ ১.৫ কোটি টকা সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে।

ইফালে ব্ৰীজ মোহনে এতিয়া তেওঁৰ হোণ্ডা এক্টিভা স্কুটীখনত এই লাইচেঞ্চ প্লেট ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে।

অৱশ্যে বৰ্তমান তেওঁ ৭০ হাজাৰ টকীয়া স্কুটীত এই নম্বৰ প্লেট ব্যৱহাৰ কৰিলেও পৰৱৰ্তী সময়ত চাৰিচকীয়া বাহনত ব্যৱহাৰ কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে ব্ৰীজ মোহনে।

লগতে চাওকঃ

আজব ঘটনা! SBI ৰ শাখাৰ পৰা চুৰি হ’ল ১১ কোটি টকাৰ খুচুৰা পইচা! তদন্তত নামিল CBI

G2 19

Leave a Reply

Your email address will not be published. Required fields are marked *