নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ প্রফাইল পিকচাৰ সলনি কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে, জনতাকো জনালে এই আহ্বান…

নিউজ ডেস্কঃ আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি আজিৰে পৰা নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট আৰু পেজৰ প্ৰফাইল পিকচাৰ ত্ৰিৰংগালৈ সলনি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

২ আগষ্টৰ পুৱাই প্ৰধানমন্ত্ৰী মোডীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ প্ৰফাইল পিকচাৰ সলনি কৰি টুইটাৰত আনকো ছ’চিয়েল মিডিয়া একাউণ্টৰ প্ৰফাইল পিকচাৰত ৰাষ্ট্ৰীয় পতাকা ৰাখিবলৈ আহ্বান জনায়।

টুইটাৰত তেওঁ লিখিছে, ‘আজি এটা বিশেষ ২ আগষ্ট! যি সময়ত আমি আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰিছো, সেই সময়ত আমাৰ ত্ৰিৰংগা উদযাপনৰ বাবে এক সামূহিক আন্দোলন ‘হৰ ঘৰ ত্ৰিৰংগা’ৰ বাবে সকলো সাজু হৈছে। মই মোৰ ছ’চিয়েল মিডিয়া পেজত ডিপি সলনি কৰিছো আৰু আপোনালোক সকলোকে একেদৰে কৰিবলৈ আহ্বান জনাইছো।’

উল্লেখ্য যে, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ছ’চিয়েল মিডিয়া একাউণ্টৰ প্ৰফাইল পিকচাৰ সলনি কৰিবলৈ দেশবাসীক আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী মোডীয়ে। তদুপৰি ১৩-১৫ আগষ্টলৈ নিজৰ ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বিদ্যালয় আদি সকলোকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰো পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে।

প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে কেন্দ্ৰীয় তথা বিজেপি শাসিত চৰকাৰৰ মন্ত্ৰী, বিধায়ক, নেতা সকলোৱে ছ’চিয়েল মিডিয়াৰ প্ৰফাইল পিকচাৰ ত্ৰিৰংগালৈ সলনি কৰিছে। দেশৰ অসংখ্য জনতাও সঁহাৰি জনাইছে মোডীৰ আহ্বানৰ প্ৰতি।