ৰাষ্ট্ৰীয়অসমীয়া

নিজে পঢ়া বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হ’ল কণ্ঠশিল্পী অৰিজিত সিং!

নিউজ ডেস্ক। নিজে পঢ়া বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হল প্ৰখ্যাত কণ্ঠশিল্পী অৰিজিত সিং।

পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ জিয়াগঞ্জৰ যিখন বিদ্যালয়ত তেওঁ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল, সেই বিদ্যালখনৰে পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্ব লাভ কৰি নষ্টালজিক হৈ পৰে কণ্ঠশিল্পী গৰাকী।

1619336598 1606613576 5fc2fa4872c3c arijit singh

উল্লেখ্য যে, সফলতাৰ শিখৰ চুমিও শিপা নাপাহৰা অৰিজিত সিঙে তেওঁৰ স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল জিয়াগঞ্জ ৰাজা বিজয় সিং বিদ্যামন্দিৰৰ পৰা।

বৰ্তমান মুম্বাইৰ নিবাসী হলেও নিজৰ জন্মভূমিৰ সৈতে ওতঃপ্ৰোত সম্পৰ্ক আছে অৰিজিতৰ। যাৰ বাবে সুযোগ পালেই তেওঁ ঢাপলি মেলে জিয়াগঞ্জৰ ঘৰলৈ।

P2 6

আনহাতে কণ্ঠশিল্পী গৰাকীয়ে কিছুদিন পূৰ্বে শিক্ষামন্ত্ৰী ব্ৰাত্য বসুক সাক্ষাৎ কৰাৰ পিছতে চৰকাৰী অনুমতি সাপেক্ষে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে।

অৰিজিত সিঙে যোৱা ১৩ এপ্ৰিলত এই দায়িত্ব গ্ৰহণ কৰাৰ পিছতে আনন্দিত হৈ পৰিছে জিয়াগঞ্জ ৰাজা বিজয় সিং বিদ্যামন্দিৰৰ শিক্ষক, শিক্ষাৰ্থী সকলো।

1 10

বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপংকৰ ভট্টাচাৰ্যই কয় যে অৰিজিতে ৰাজ্য চৰকাৰৰ অনুমতিত বিদ্যালয়খনৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে।

তেওঁ সংবাদ মাধ্যমক লগতে কিয় যে বিদ্যালয়খনৰ উন্নয়ন সম্পৰ্কে অৰিজিতৰ সৈতে আলোচনা চলি আছে।

চেলিব্ৰেটি হৈও সাধাৰণ জীৱন যাপন কৰা ভাৰতৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ পুত্ৰকো গৃহ জিলাৰ এখন সাধাৰণ বিদ্যালয়তে পঢ়ুৱাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *